NORTHEAST NOW (Assamese)

কাইলৈ গুৱাহাটীত নেডাৰ তৃতীয়খন বৈঠক : কৃষক মুক্তিয়ে ক’লা পতাকাৰে আদৰিব অমিত শ্বাহক

May 19, 2018 6:55 pm · এন ই নাও নিউজ

নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ তৃতীয়খন বৈঠক কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব। উক্ত বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ উপস্থিত থাকিব।

উল্লেখযোগ্য যে নেডা হৈছে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটত থকা উত্তৰ-পূবৰ ৯টা আঞ্চলিক দলৰ উমৈহতীয়া মঞ্চ।

নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত সাংবাদিকক জানিবলৈ দিয়া অনুসৰি উক্ত বৈঠকলৈ উত্তৰ-পূবৰ ৭ খন ৰাজ্যৰ মুখ্য মন্ত্ৰীক আমন্ত্ৰণ কৰা হৈছে। বাতৰি লিখা পৰলৈকে ইয়াৰে ৬জনে তেওঁলোকৰ উপস্থিতি নিশ্চিত কৰিছে।

মুখ্য মন্ত্ৰীসকলৰ উপৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ উপ মুখ্য মন্ত্ৰীয়েও এই বৈঠকত অংশগ্ৰহণ কৰিব।

বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে অমিত শ্বাহ কাইলৈ পুৱাৰ ভাগতে গুৱাহাটী আহি পাবহি।

আনহাতে চৰকাৰে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অমিত শ্বাহক ক’লা পতাকাৰে আদৰাৰ সিদ্ধান্ত লৈছে। কৃষক মুক্তিয়ে কাইলৈৰ দিনটোক ‘ক’লা দিৱস’ হিচাপে উদযাপন কৰিব।

Related News