কাগজকল পুনৰুজ্জীৱিত কৰাৰ বাবে মই নিজে ব্যৱস্থা গ্ৰহণ কৰিম: ৰাজ্যপাল

মৰিগাঁৱৰ জাগিৰোডস্থিত নগাঁও কাগজকল পুনৰিজ্জীৱিত কৰাৰ উদ্দেশ্যে কাগজকল মজদুৰ সংঘৰ এটা সজাতি দলে শণিবাৰে ৰাজভৱনত অসমৰ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাত কৰে। কাগজকলটো পুনৰুজ্জীৱিত কৰাৰ বাবে সজাতি দলটোৱে ৰাজ্যপালগৰাকীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে।

প্ৰতিনিধি দলটোত কাগজকল মজদুৰ সংঘৰ সভাপতি অশোক কুমাৰ ৰয়ৰ লগতে হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ প্ৰতিনিধিয়ে ৰাজ্যপাল গৰাকীক সাক্ষাত কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে কাগজকল উদ্ধাৰৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

জাগিৰোড আৰু পঞ্চগ্ৰামত থকা কাগজকল দুটা কি কাৰণত বন্ধ হয় সেই বিষয়ে অনুসন্ধান কৰি বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাঙি ধৰি অতি শীঘ্ৰে ইয়াৰ সমাধান তথা পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ হেচা প্ৰয়োগ কৰিব বুলি ৰাজ্যপালগৰাকীয়ে প্ৰতিনিধিদলটোক আশ্বাস প্ৰদান কৰে।

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয় আৰু গুৰু উদ্যোগ তথা ৰাজহুৱা খণ্ডৰ মন্ত্ৰনালয়ে বন্ধ হোৱাৰ উপক্ৰম এই কাগজকল দুটাৰ বিষয়ে ভালদৰে জানিও একো ব্যৱস্থা গ্ৰহণ নকৰে। এই প্ৰত্যুত্তৰত ৰাজ্যপালগৰাকীয়ে খোদ এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভাগ দুটাৰ লগত আলোচনা কৰি তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকে ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিব বুলি প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰে।