কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চোৰাংচিকাৰীৰ সৈতে যুঁজিব পৰাকৈ আজি বনকৰ্মী সকলৰ মাজত অত্যাধুনিক অস্ত্ৰ বিতৰণ কৰা হয়।
প্ৰাপ্ত তথ্য মতে আজি অনুষ্ঠানটোত চোৰাংচিকাৰীৰ সৈতে যুঁজিব পৰাকৈ প্ৰায় ২০০ বনকৰ্মীক প্ৰদান কৰা হয় বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ ৷ মুঠ ১৩৮১ টা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ প্ৰদান কৰা হয় অনুষ্ঠানটোত ৷ ইয়াৰে ভিতৰত SLR ৯৫৪ টা, INSAS ২৭২ টা, 9mm Pistol ২৪ টা আৰু 12 bore pump action Gun ১৩১ টা বিতৰণৰ কৰা হয় ৷
এই উপলক্ষে কহঁৰাৰ বন বিভাগৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃগত অনুষ্ঠিত বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ৷ মুখ্য মন্ত্ৰীৰ উপৰিও বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে সোণাৰীৰ বিধায়ক তপন গগৈও উপস্থিত থাকে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ বনকৰ্মীক স্মাৰ্ট ফৰেষ্ট গাৰ্ড হিচাপে গঢ় দিয়াৰ লগতে কাজিৰঙাৰ আশে পাশে হেলিপেড নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে ৷