দেশৰ অন্যতম ধৰ্মীয় পীঠস্থান কামাখ্যা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক অম্বুবাচী মেলা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত কামাখ্যাত এক পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়।
বৈঠ্যকতে মুখ্য মন্ত্ৰী গৰাকীয়ে অগণন দেশী-বিদেশীয় ধৰ্মীয় পৰ্যটকৰ আকৰ্ষণস্থলী কামাখ্যা দেৱীৰ মন্দিৰত অনুষ্ঠিত হ’ব লগীয়া অম্বুবাচী মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰতিটো বিভাগক নিষ্ঠা সহকাৰে কাম কৰিবলৈ কয়।
লগতে অম্বুবাচী মেলাৰ সময়ত অহা ভক্ত সকলে যাতে কোনোধৰণৰ অসুবিধা ভোগ কৰিব নকৰে তাক নিশ্চিত কৰাৰ বাবেও মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰতিটো বিভাগক নিৰ্দেশ দিয়ে।
তাৰোপৰি বিদ্যুৎ, খোৱাপানীকে ধৰি সমস্যা সমূহৰ ওপৰত সংশ্লিষ্ট বিভাগক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে যাতায়াতৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈও পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে।
বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে শিশু সকলৰ বাবে বিশেষ কোষ গঠন কৰাৰ বাবে স্বাস্থ্য বিভাগক, মেলাৰ সময়ত নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান ধৰাৰ বাবে বিদ্যুৎ বিভাগক জেনেৰটৰ মজুত ৰখাৰ বাবে নিৰ্দেশ দিয়ে।
ইফালে অসমৰ ৯৮ খন চহৰত অম্বুবাচী মেলাৰ সম্পৰ্কত প্ৰচাৰ অভিযান চলাবলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে পৰ্যটন বিভাগক নিৰ্দেশ দিয়ে।
আৰক্ষী বিভাগকো মেলাৰ সময়ত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে। লগতে মেলাৰ সময়ত গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ৰেল বিভাগ, পৌৰ নিগম, জি এম ডি এ আৰু বিদ্যুৎ বিভাগক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
বৈঠকৰ অন্তত মুখ্য মন্ত্ৰী গৰাকীয়ে স্বেচ্ছাসেৱকৰ কামত জড়িত হ’ব লগীয়া ছাত্ৰ-ছাত্ৰী সকলক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত নিৰ্দেশ দিয়ে।
তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে অম্বুবাচী মেলাত উৎকৃষ্ট সেৱা আগবঢ়োৱা ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানক মুখ্য মন্ত্ৰীৰ সেৱা বঁটা আগবঢ়োৱাৰ উপৰি বিশেষ দক্ষতা প্ৰদৰ্শন কৰা বিভাগক সম্বৰ্দ্ধনা জনোৱা হ’ব বুলি কয়।
আজিৰ বৈঠকত পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বুজৰবৰুৱা আৰু উপাধ্যক্ষ নৱদীপ কলিতা, ৰে’ল বিভাগ, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ উপৰি বৰদেউৰী সমাজৰ দলৈ উপস্থিত আছিল।