কামৰূপ মহানগৰ জিলাৰ ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত তিনিগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ মুখ্য মন্ত্ৰীৰ।
মুখ্য মন্ত্ৰীৰ সভা কক্ষত তেওঁৰ অধ্যক্ষতাত ৰাজ্যৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ এক পৰ্য্যালোচনা বৈঠকত ৰাজহ বিভাগৰ আয়ুক্ত সচিবক সৰ্বানন্দ সোণোৱালে আজি নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে এন ই নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা জনোৱা হৈছে।
কামৰূপ জিলা প্ৰশাসনে আধুনিক ৰেকৰ্দ ৰুম স্থাপনৰ বাবে প্ৰয়োজনীয় স্থান নিৰ্ধাৰণ কৰিব নোৱৰা বাবে জিলাখনৰ ভূমি সংক্ৰান্তীয় তথ্য আজিলৈকে অনলাইনযোগে উপলব্ধ হোৱা নাই।
তাৰোপৰি স্থাৱৰ সম্পত্তি হস্তান্তৰৰ ক্ষেত্ৰত অনলাইনযোগে আপত্তিবিহীনতাৰ প্ৰমাণ পত্ৰ দিয়াৰ কামো কামৰূপ মহানগৰ জিলাত হোৱা নাই।
সকলো ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ পিছতো এই কাম আৰম্ভ নকৰাৰ বাবে আজি মুখ্য মন্ত্ৰীয়ে বিষয়াকেইজনৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিয়ে বুলি কোৱা হৈছে।
বিবৃতিটোত কোৱা হৈছে যে অসমৰ ভূমি সংক্ৰান্তীয় তথ্যসমূহ অনলাইনযোগে উপলব্ধ কৰাৰ প্ৰক্ৰিয়া ২৫ খন জিলাত ইতিমধ্যে সম্পন্ন হৈছে। এই সংক্ৰান্তীয় তথ্য-পাতি ডিজিটাইজ কৰা হৈছে। এই জিলাসমূহৰ ভূমি নথি, মানচিত্ৰ আদি ৰাইজে www.revenueassam.nic.inত সহজে চাব পাৰিব। বাকী জিলাসমূহতো এই কাম চলি আছে আৰু অতিশীঘ্ৰে ই সম্পূৰ্ণ হৈ উঠিব।
তাৰোপৰি ৰাজ্যৰ ৫২ টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত আধুনিক ৰেকৰ্দ ৰুম স্থাপন কৰা হৈছে আৰু পৰ্য্যায়ক্ৰমে অইন কাৰ্য্যালয়সমূহতো এনে ৰেকৰ্দ ৰুম স্থাপন কৰা হ’ব বুলি বিবৃতিটোত কোৱা হৈছে।
যিবিলাক ধৰ্মীয় অনুষ্ঠানৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিছে সিবোৰৰ বাৰ্ষিক অনুদান এক লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়।
ৰাজ্যত ২০০০ জন গাওঁবুঢ়া নিযুক্তিৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে ৰাজহ বিভাগক এই বৈঠকতে মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
আজিৰ বৈঠকতে বাজেটত ঘোষিত চৰকাৰী অনুষ্ঠান পাতিবৰ বাবে ভূমি আবণ্টনৰ ক্ষেত্ৰত সংশ্লিষ্ট জিলাৰ উপায়ুক্তই সিদ্ধান্ত ল’ব পাৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বৈঠকত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাস আৰু কেবাজনো আমোলা, মুখ্য মন্ত্ৰীৰ উপদেষ্টা আদিও উপস্থিত আছিল।