কাৰ্বি আংলং ডকমকাত দুই নিৰীহ যুৱকক নৃশংসভাৱে হত্যা কৰাৰ পিছত সমগ্ৰ অসমজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে নগাঁৱতো বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা। উক্ত হত্যাকাণ্ডৰ আলম লৈয়ে নগাঁৱৰ একাংশ এন এছ য়ু আইৰ কৰ্মীয়ে নগাঁও জিলাত পঢ়া শুনাকে ধৰি বিভিন্ন কাৰণত হোষ্টেল-ভাড়াঘৰত কাৰ্বি ছাত্ৰ-ছাত্ৰীৰ মাজত একপ্ৰকাৰৰ ভীতিৰ সৃষ্টি কৰিছে।
ছাত্ৰ সংগঠনটোৰ সদস্যসকলে আজি নগাঁও মহাবিদ্যালয়ৰ কাৰ্বি হোষ্টেলকে ধৰি কেইবাটাও ব্যক্তিগত হোষ্টেলত গৈ কাৰ্বি আংলঙৰ ছাত্ৰ-ছাত্ৰীসকলক অনতি পলমে নগাঁও ত্যাগ কৰিবলৈ আহ্বান জনায়। সংগঠনটোৰ এই আহ্বানৰ পাছতে নগাঁৱত সৃষ্টি হয় তীব্ৰ উত্তেজনা।
উল্লেখ্য যে এই ঘটনাৰ অৱগত হোৱাৰ পাছতে তৎপৰ হৈ পৰে নগাঁও আৰক্ষী। জিলাখনৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি লগে লগে নগাঁও মহাবিদ্যালয়ৰ কাৰ্বি হোষ্টেলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক শংকিত নহ’বলৈ আহ্বান জনোৱাৰ লগতে নিৰাপত্তাৰ সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে।
ইফালে কাৰ্বি আংলঙৰ ছাত্ৰ-ছাত্ৰীক নগাঁও চহৰ এৰিবলৈ আহ্বান জনোৱা ঘটনাত জড়িত থকা এন এছ য়ু আইৰ সদস্য তথা ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত আপত্তিজনক পোষ্ট দিয়াৰ বাবে মৃদুপৱন মুক্তিয়াৰ নামৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে সোধা-পোছাৰ বাবে আন ১০ জন যুৱকক আৰক্ষীয়ে আটক কৰিছে।