• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি ৰাজ্যৰ আন্দোলনত চহিদ হোৱাসকলৰ পৰিয়ালক ৫ লাখকৈ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা বিত্ত মন্ত্ৰীৰ

নংনী তেৰং by নংনী তেৰং
April 29, 2018 10:13 pm
Minister Himanta Biswa Sarma at BJP Rally at Chutianala, Diphu, Karbi Anglong
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি স্বায়ত্তশাসিত ৰাজ্যৰ আন্দোলনত চহিদ হোৱাসকলৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ এককালীন সাহায্য দিব বুলি ঘোষণা কৰিছে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি কাৰ্বি অংলঙলৈ যোৱা ৰাজ্যখনৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ চুতীয়ানলাৰ স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত বিকাশ ৰেলিত এই ঘোষণাটো কৰে।

৫ লাখকৈ টকাৰ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰি কেবিনেট মন্ত্ৰীজনে কয়, “বিজেপি শাসনলৈ অহাৰ পিছত অসম আন্দোলনৰ চহিদসকলৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ এককালীন সাহায্য দিয়াৰ লগতে বড়োলেণ্ডৰ আন্দোলনৰ চহিদৰ পৰিয়াললৈও ৫ লাখকৈ টকাৰ এককালীন সাহায্য দিছিল। আৰু আজি মই কাৰ্বি আংলং স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত কৰা আন্দোলনৰ চহিদসকলৰ পৰিয়াললৈও ৫ লাখকৈ টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিলো।”

Apply Now

মন্ত্ৰীজনে লগতে কয় যে হাওৰাঘাটৰ পৰা বৈথালংছ’লৈকে এক নতুন বিকাশৰ ৰেঙনি দেখা যাব। ডিফুত মেডিকেল কলেজ নিৰ্মাণৰ কাম লাহে লাহে হৈ আছে। সৰ্ব দিশতে বিকাশ হ’ব লাগিব। আমি জিলাখনত দুখনকৈ বি এড কলেজ নিৰ্মাণৰ সিদ্ধান্ত লৈছো। লগতে এখন ষ্টেডিয়াম, ২৪টা পৰিষদীয় সমষ্টিৰ প্ৰতিটোতে একোটাকৈ সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিব বুলি কয়। মন্ত্ৰীজনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ পুঁজি ১০ কোটিৰ পৰা ২৬০ কোটিলৈ বৃদ্ধি কৰা বুলিও কয়। বোকাজানত এখন ১০০খন বিছনাযুক্ত চিকিৎসালয় আৰু বৈঠালংছোত ২০০খন বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণ কৰি থকা বুলি কয়।

স্বভাৱগতভাৱে মন্ত্ৰী হিমন্তই পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনক আৰু কংগ্ৰেছ দলটোক সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা গ’ল। তেওঁ কয় যে শাসনত থকাৰ সময়ত কংগ্ৰেছে যিখিনি নকৰিলে সেইখিনি এতিয়া বিজেপিয়ে কৰিছে। কংগ্ৰেছক পৰাভূত কৰাটো নিশ্চিত কৰাৰ বাবে বিজেপিৰ কৰ্মীসকলক আহ্বান জনায় মন্ত্ৰীজনে।

আনহাতে অহা বছৰ হ’ব লগীয়া লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ হৰাটো নিশ্চিত বুলিও মন্তব্য কৰে মন্ত্ৰীজনে।

আজিৰ বিকাশ ৰেলিত মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰংহাঙো উপস্থিত আছিল আৰু তেওঁ কাৰ্বি আংলঙৰ পথ নিৰ্মাণৰ বাবে ৫০০ কোটি টকাৰ অনুমোদন বিচৰাত বিজেপিৰ চৰকাৰে সেয়া প্ৰদান কৰা বুলি কয়।

নংনী তেৰং

নংনী তেৰং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd