• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে মহিলাসকলে সক্ৰিয় ভূমিকা ল’ব লাগিব : শিৱসাগৰৰ মহিলা সমাৰোহত মুখ্যমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2018 11:33 am
মহিলা সমাৰোহত মুখ্যমন্ত্ৰী
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘বিশ্বজুৰি সংস্কাৰ সাধনৰ ইতিহাসত মহিলাসকলে সদায়েই অগ্ৰণী ভূমিকা পালন কৰি আহিছে। মহিলা সকলে সমাজৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব পাৰে। জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে যি কৰ্ম সংস্কৃতিৰ প্ৰয়োজন তাৰ উন্মেষ সাধনত মহিলাসকলে গুৰু দায়িত্ব পালন কৰিব লাগিব। আমাৰ কৰ্ম সংস্কৃতিৰ পথাৰখনক অধিক জীৱন্ত আৰু গতিশীল কৰি তোলাৰ বাবে মহিলাসকলে লক্ষ্য স্থিৰ কৰি ল’ব লাগিব যাতে আমাৰ নতুন প্ৰজন্মই কৰ্ম সংস্কৃতিৰ জৰিয়তে ৰাজ্যখনৰ বিকাশৰ গতি ত্বৰান্বিত কৰি তুলিব পাৰে।‘’

বৃহস্পতিবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত শিৱসাগৰৰ সেউজ কোঁৱৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত আয়োজন কৰা মহিলা সমাৰোহত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

Apply Now

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে আহোম স্বৰ্গদেউ সকল বিশেষকৈ চাওলুং চ্যুকাফাই যি আদৰ্শৰ জৰিয়তে বৰ অসম গঢ়াৰ উদ্যোগ লৈছিল পৰৱৰ্তী সময়ত সেই আদৰ্শেৰে উদ্বুদ্ধ হৈ অসমীয়া জাতিয়ে বৃহস্পতিবাৰে একবিংশ শতিকাত পদাৰ্পণ কৰিছে।

ভাৰতৰ বুৰঞ্জীত ৬০০ বছৰীয়া আহোমৰ বিৰল ইতিহাসে সদায়ে সুকীয়া মৰ্যাদাৰে জীৱন্ত হৈ আছে  আৰু ইয়াৰ পৰাই ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা শান্তি-সম্প্ৰীতিৰ ভেঁটি নিৰ্মাণ হৈছিল। ৬০০ বছৰীয়া ইতিহাসৰ লগত অসমীয়া জাতিৰ অস্তিত্ব সংপৃক্ত হৈ আছে আৰু সেই আদৰ্শৰে অসমীয়া জাতি উদ্বুদ্ধ। সেই কথা আমাৰ নতুন প্ৰজন্মই উপলদ্ধি কৰিব লাগিব। আমাৰ গৌৰৱময় ইতিহাসৰ বিষয়ে অধ্যয়ন কৰিলেহে অসমীয়া জাতি যে এটা সাধাৰণ জাতি নহয় সেই কথা আমি উপলব্ধি কৰিব পাৰিম বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

আমাৰ মহিলাসকলে সামাজিক সংস্কাৰ আৰু পৰিৱৰ্তন সম্ভৱ কৰি তুলিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে মহিলাসকলে সক্ৰিয় ভূমিকা ল’ব লাগিব।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে সামাজিক সংস্কাৰ সাধন কৰাৰ বাবে ‘সংস্কাৰ’ নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে। অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে প্ৰতিটো উন্নয়ন খণ্ডতে শিল্পী, সাহিত্যিক সমাজৰ বিভিন্ন শ্ৰেণীৰ জনগণ আৰু সংগঠনক লৈ এই সংস্কাৰ কাৰ্যসূচী ৰাজ্য চৰকাৰে ৰূপায়ন কৰিব। এই ক্ষেত্ৰত মহিলাসকলে আন্তৰিকতাৰে সহযোগ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেতবোৰ লোকে উচটনিমূলক বক্তব্য দিয়াৰ ফলত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। সেইবাবে মহিলাসকলে তেওঁলোকৰ সতি-সন্ততিক মোবাইল ফোনৰ ব্যৱহাৰৰ সম্পৰ্কত জ্ঞান প্ৰদান কৰিব লাগিব যাতে আমাৰ উঠি অহা প্ৰজন্মই সমাজ জীৱনৰ ভেঁটি শক্তিশালী কৰি তুলিব পাৰে। কেৱল মাত্ৰ চৰিত্ৰ নিৰ্মাণ তথা সমাজ নিৰ্মাণৰ কামতহে মোবাইল ফোন কেনেদৰে ইতিবাচক দিশেৰে ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে নিজৰ সতি-সন্ততিক সজাগ আৰু সচেতন কৰাৰ উদ্যোগ ল’বলৈও মহিলাসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

ৰাজ্য চৰকাৰে মহিলা সৱলীকৰণৰ জৰিয়তে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে মহিলা সৱলীকৰণৰ বাবে লোৱা পদক্ষেপ সমূহ সঠিক ৰূপত ৰূপায়নৰ বাবে ক্ষেত্ৰত চোকা নজৰ ৰাখিবলৈ মহিলাসকলক আহ্বান জনায়।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কনকলতা মহিলা সৱলীকৰণৰ আঁচনিৰ অধীনত ২২টা আত্মসহায়ক গোটক ধন ৰাশিৰ চেক প্ৰদান কৰে।

বৃহস্পতিবাৰৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, বিদ্যু বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ, সাংসদ ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছাই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈ, বিধায়কসকল ক্ৰমে কুশল দুৱৰী, যোগেন মোহন, বিমল বৰা, শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপায়ুক্তসকলৰ লগতে অন্যান্য গণ্য-মান্য সকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd