বোকাখাতত নিৰ্যাতিতাৰ মাকেই অভিযুক্তৰ পৰা টকা লৈ দুদিন ধৰি গাপ দি ৰখা যৌন নিৰ্যাতনৰ ঘটনা এটা শেহতীয়াকৈ পোহৰলৈ আহিছে। জানিব পৰা মতে শিলভেটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগদেৱ শইকীয়াৰ বিৰুদ্ধে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উঠিছে।
মন কৰিব লগীয়া যে এই ঘটনাটো গম পায়ো কণমানি ছাত্ৰী গৰাকীৰ মাকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু পিছত আটছাৰ তৎপৰতাত ঘটনাটো পোহৰলৈ আহে।
প্ৰপ্ত্য তথ্য মতে ১০ জুনৰ দিনা বিদ্যালয় ছুটীৰ পিছত ছাত্ৰী গৰাকীক প্ৰধান শিক্ষক গৰাকীয়ে নিজৰ কোঠালৈ মাতি নি যৌন নিৰ্যাতন চলাইছিল। অৱশ্যে কোনোমতে ছাত্ৰী গৰাকীয়ে শিক্ষক জনৰ কবলৰ পৰা নিজকে বচাবলৈ সক্ষম হয়।
পিছত সম্গ্ৰ ঘটনাৰ বিষয়ে ছাত্ৰী গৰাকীয়ে ঘৰত গৈ মাকক অৱগত কৰে। ফলত লগে লগে ছাত্ৰী গৰাকীৰ মাকৰ লগতে স্থানীয় গাঁওৰক্ষী বাহিনী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া বিদ্যালয়খনত উপস্হিত হৈ বিষয়টো জানিব বিচাৰে।
কিন্তু মনকৰিব লগীয়া বিষয় যে উপস্থিত সকলোৰে লগতে কণমানি ছাত্ৰী গৰাকীৰ মাকেও বিষয়টো মীমাংসাৰ বাবে লিখিত চুক্তি কৰি অভিযুক্ত প্ৰধান শিক্ষক যোগদেৱ শইকীয়াৰ পৰা ৫০ হাজাৰ টকা লৈ বিষয়টো গাপ দিয়াৰ চেষ্টা কৰে।
কিন্তু পিছত আটছাৰ বাগিচা শাখাই বিষয়টো জানিব পাৰি আটছাৰ বোকাখাত শাখাক অৱগত কৰে। ফলত আটছা বোকাখাত শাখাৰ বিষয়ববীয়া বিদ্যালয়খনত উপস্হিত হৈ বোকাখাত আৰক্ষীক বিষয়টো অৱগত কৰাৰ লগতে ছাত্ৰীগৰাকীৰ হতুৱাই বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷
ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত প্ৰধান শিক্ষক যোগদেৱ শইকীয়াক বোকাখাত আৰক্ষীয়ে কালি নিশাই বোকাখাত চিপাহী গাঁৱৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে পিতৃহীনা ছাত্ৰীগৰাকীয়ে প্ৰধান শিক্ষকজনে কি কৰিছিল সেই সন্দৰ্ভত বোকাখাত আৰক্ষীৰ আগত নিজৰ সাক্ষ্য প্ৰদান কৰিছে ৷
সমান্তৰালকৈ আজি আটছা বোকাখাত শাখাইও যৌন নিৰ্যাতনকাৰী শিক্ষক যোগদেৱ শইকীয়াৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাৰ লগতে ছাত্ৰীগৰাকীৰ মাতৃয়েও পৃথকে আন এখন এজাহাৰ বোকাখাত থানাত দাখিল কৰিছে ৷
আৰু তিনিখন এজাহাৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে ২৫৮/১৮ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত প্ৰধান শিক্ষক যোগদেৱ শইকীয়াক আদালতলৈ প্ৰেৰণ কৰিছে।
ইফালে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বোকাখাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই প্ৰধান শিক্ষক যোগদেৱ শইকীয়াক চাকৰিৰ পৰা নিলম্বন কৰিছে বুলি জানিব পৰা গৈছে।