কেন্দ্ৰই বিদেশীক স্বদেশী কৰা অধিসূচনা প্ৰত্যাহাৰ কৰক : ৰিজিজুৰ বক্তব্যৰ প্ৰতিক্ৰিয়াত অসম সাহিত্য সভা

Sivasagar: Asom Sahitya Sabha falicitated educationists, social workers on the first day of Assamese new year

প্ৰতিনিধিত্বমূলক ছবি

যোৱা ২৫ জুলাইত ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে দিয়া বিতৰ্কিত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। সভাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে অসম সাহিত্য সভাকে ধৰি ৰাজ্যৰ বিভিন্ন জাতীয়, জনজাতীয় দল-সংগঠন, নাগৰিক সমাজে ঐতিহাসিক অসম চুক্তিৰ ৬ নং দফা অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা সকলো ধৰণৰ বিদেশীক বহিষ্কাৰ কৰাৰ হকে সৰ্বসন্মত স্থিতি গ্ৰহণ কৰি আহিছে। ইয়াৰ বিপৰীতে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, পাৰ্চী, জৈন, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক ভাৰতত থকাটো অবৈধ নহয় বুলি যোৱা ২৫ জুলাইত ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুয়ে ঘোষণা কৰা কাৰ্য্যই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখনৰ সংগতিহীন স্থিতিকে কাৰ্যতঃ স্পষ্ট কৰিছে।

ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে চৌদিশে হোৱা প্ৰবল প্ৰতিবাদক আওকাণ কৰি কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে আঁকোৰগোঁজ হৈ অসমৰ ভৱিষ্যতৰ প্ৰতি ভয়ংকৰ জাননী কঢ়িয়াই আনিছে।

সভাৰ মতে, কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে সংসদত দাঙি ধৰা বক্তব্যই অসমত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ পটভূমি জটিল কৰি তুলিছে বুলি অসম সাহিত্য সভাই উপলব্ধি কৰিছে।

“ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক জনগণে গভীৰ আস্থা আৰু বিশ্বাসেৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনক দায়িত্ব অৰ্পণ কৰিছে। সেই আস্থা আৰু বিশ্বাস অটুট ৰাখি বৰ্তমান সময়ত ৰাজ্য চৰকাৰখনে অসমৰ ৰাইজৰ পক্ষত থাকি ৰাইজ আশ্বস্ত হ’ব পৰাকৈ স্পষ্ট দৃষ্টিভংগি প্ৰকাশ কৰক।” এইদৰে আহ্বান জনায় অসম সাহিত্য সভাই।

আনহাতে সভাই সুদীৰ্ঘ ২৮ বছৰ বেতন বিহীনভাৱে শিক্ষাদান কৰি আত্মজাহৰ দৰে চৰমপন্থা অৱলম্বন কৰিবলৈ ওলাই অহা ৮,৫০০ গৰাকী শিক্ষকৰ বৰ্খাস্তকৰণৰ ক্ষেত্ৰত চৰকাৰে মানৱীয় দৃষ্টিভংগি লোৱাৰ আহ্বান জনায়। আলোচনাৰ মাধ্যমেৰে এক সমাধানলৈ আহিবলৈ অনুৰোধ জনায় চৰকাৰক।