• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ মটৰ শ্ৰমিক, ক্ষুদ্ৰ মালিকৰ স্বাৰ্থবিৰোধী নীতি : ৭ আগষ্টত ২৪ ঘন্টীয়া চকা বন্ধৰ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 3, 2018 2:27 pm
মটৰ শ্ৰমিক পৰিবহন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৭ আগষ্টত কেন্দ্ৰীয় চৰকাৰে মটৰ শ্ৰমিক তথা ক্ষুদ্ৰ মালিকৰ স্বাৰ্থবিৰোধী নীতি লোৱাৰ অভিযোগ তুলি সমগ্ৰ ভাৰততে ২৪ ঘন্টীয়া চকা বন্ধৰ আহ্বান জনাইছে।

সৰ্বভাৰতীয় মটৰ শ্ৰমিক ফেডাৰেশ্বনে আহ্বান কৰা এই চকা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই। ডাঙৰ যান-বাহন, চিটি বাছ, অলা-উবেৰ, অট’ৰিক্সা, টেক্সিকে ধৰি সকলোবোৰ যান-বাহন বন্ধ থাকিব।

Apply Now

শুকুৰবাৰে সংবাদমেল যোগে এই কথা জনালে অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱৰ্কাৰ্চ এচ’ছিয়েশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক বীৰেন শৰ্মাই।

অল ইণ্ডিয়া ৰোড ট্ৰেন্সপ’ৰ্ট ৱৰ্কাৰ্চ ফেডাৰেশ্যন, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন, নৰ্থ ইষ্ট হেভী গুডচ কেৰিয়াৰ ট্ৰাক ওনাৰ্চ এণ্ড ড্ৰাইভাৰ্চ ৱেলফেয়াৰ এছ’চিয়েচন, অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ যৌথ মঞ্চৰ তৰফৰ পৰা এই চকা বন্ধ পালন কৰিবলৈ সমূহ মটৰ শ্ৰমিক তথা মালিকসকলক আহ্বান জনায়।

তেওঁলোকৰ মতে, “দিনে দিনে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰাৰ উপৰিও ১৯৮৮ চনৰ মটৰ ভেহিক’ল আইন মটৰ শ্ৰমিক তথা সাধাৰণ মালিকৰ বিৰুদ্ধে আনকি ৰাজ্যসমূহৰ পৰিবহন নিগম তথা ৰাজ্য চৰকাৰৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ সংশোধন কৰিব বিচাৰিছে।

তদুপৰি বৰ্তমান বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সংখ্যাগৰিষ্ঠতাৰ জোৰত মটৰ ভেহিকেল সংশোধনী বিল ২০১৭ খন লোকসভাত গৃহীত কৰি ৰাজ্যসভালৈ প্ৰেৰণ কৰিছে বুলিও শৰ্মাই সংবাদমেলত সদৰী কৰে।

তেওঁ লগতে কয়, “সম্প্ৰতি ৰাজ্যসভাত বিলখনক লৈ বিতৰ্ক চলি আছে। বিৰোধী পক্ষৰ বহুতে এই বিলৰ বিৰোধিতা কৰি যুক্তি আগবঢ়াইছে।”

তাৎপৰ্যপূৰ্ণভাবে যদিহে বিলখন গৃহীত হৈ আইনত পৰিণত হয়, তেন্তে মটৰ শ্ৰমিক তথা শ্ৰমিক পৰিয়ালৰ বিলাই বিপত্তি নোহোৱা হ’ব বুলি আশংকা প্ৰকাশ কৰে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।

সেয়েহে সৰ্বভাৰতীয় মটৰ শ্ৰমিক ফেডাৰেশ্যনে দেশজোৰা চকাবন্ধ পালন কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে, MV Act Amendment Bill ৰ Clause 34 section(I) ৰ আধাৰতে UBER আৰু OLA ৰ দৰে বৃহৎ কোম্পানীক অনুমতি দি দেশৰ কোটি কোটি অট’ৰিক্সা, টেক্সী, বাছ আদিৰ শ্ৰমিক-মালিকক বিপদত পেলাইছে বুলি সংবাদমেলত উপস্থিত থকা অ’লা-ওবেৰ চালক সন্থাৰ সভাপতি ইছমাইল আলিয়ে সাংবাদিকক জানিবলৈ দিয়ে।

তেওঁ লগতে অভিযোগ কৰে, “কেইদিনমান পূৰ্বে সোণমণি কলিতা নামৰ এজন যুৱকে আত্মহত্যা কৰিছিল। কাৰণ এসময়ত অ’লা উবেৰ কৰ্তৃপক্ষই  প্ৰলোভন দিয়া ইনচেনটিভ বন্ধ কৰি দিয়াত অলা উবেৰৰ গাড়ীৰ চালক মালিক হতাশ হৈ পৰিছে।”

তেওঁলোকৰ অন্য দাবী সমূহৰ বিতৰত আছে অসমৰ পথ পৰিবহন শ্ৰমিকৰ বাবে পেন্সন, চিকিৎসা আৰু ল’ৰা-ছোৱালীৰ শিক্ষা সাহায্যক লৈ কল্যাণ আইন প্ৰণয়ন কৰা, গাড়ীচালক কৰ্মচাৰীসকলৰ সাধাৰণ নিৰাপত্তাত গুৰুত্ব দিয়া ইত্যাদি।

সম্প্ৰতি ৰাজ্যত মটৰ শ্ৰমিকসকলৰ বাবে কোনো এখন চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰাৰ লগতে সামাজিক সুৰক্ষাৰ অভাৱ হৈছে বুলিও ব্যক্ত কৰে অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱৰ্কাৰ্চ এছ’চিয়েশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক বীৰেন শৰ্মাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd