• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৰালা ব্লাষ্টাৰত চুক্তিবদ্ধ উত্তৰ-পূবৰ ফুটবলৰ যুৱ চাঞ্চল্য ধীৰাজ মৈৰাংথেম

সুমন্ত কাকতি by সুমন্ত কাকতি
June 10, 2018 6:46 am
dheeraj-singh-salil-bera
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তক আই.এছ.এল চিজনত কেৰালা ব্লাষ্টাৰছৰ হালধীয়া জাৰ্চী পিন্ধিবলৈ চুক্তিবন্ধ  হৈছে অনুৰ্ধ -১৭ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰা মণিপুৰৰ গলৰক্ষক ধীৰাজ মৈৰাংথেম। দলটোৱে নিজৰ অফিচিয়েল ফেচবুক পেজত ইতিমধ্যে এইকথা সদৰী কৰিছে , ধীৰাজৰ সৈতে আগন্তক চিজনত  একেলগে এটা দলতেই খেলিব ৰাষ্ট্ৰীয় দলৰ ষ্ট্ৰাইকাৰ হলীচৰণ নাৰ্জাৰী আৰু আন এজন অসমীয়া মিডফিল্ডাৰ বিনীত ৰায়।

ধীৰাজে স্কটলেণ্ডৰ মুখ্য লীগ স্কটিছ প্ৰিমিয়াৰ লীগৰ দল মাডাৰৱেল এফ.চিৰ সৈতে তিনিমহীয়া প্ৰশিক্ষণ আৰু বাছনি শিবিৰ সামৰি কেৰালা দলত যোগদান কৰে। গল ডটকমত প্ৰকাশিত এক বাতৰি মতে ধীৰাজৰ গলৰক্ষণ শৈলীত ক্লাৱৰ প্ৰশিক্ষক আৰু নিৰ্বাচক মণ্ডলী বাৰুকৈয়ে অভিভূত হৈ পৰে আৰু ধীৰাজক ক্লাৱৰ হৈ খেলিবৰ বাবে  তিনিবছৰীয়া চুক্তিত স্বাক্ষৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।

Apply Now
India Ghana Soccer Under 17 WCUP
উত্তৰ-পূব ফুটবলৰ যুৱ চাঞ্চল্য মণিপুৰৰ ধীৰাজ মৈৰাংথেম। ফাইল ফটো

ধীৰাজৰ প্ৰদৰ্শনত প্ৰভাৱিত হৈ চুক্তিবদ্ধ কৰিব খোজা মাডাৰৱেল এফ.চিৰ আশাত চেঁচা পানী ঢালে স্কটলেণ্ড দেশৰ ৱৰ্ক পাৰ্মিট ব্যৱস্থাৰ আসোঁৱাহ যুক্ত নীতিয়ে। উক্ত নীতি অনুসৰি স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় লীগত খেলিবলৈ ৱৰ্ক পাৰ্মিট পাবলৈ হ’লে খেলুৱৈ এজনে নিজৰ ৰাষ্ট্ৰীয় দলৰ হৈ বিগত দুবছৰত আন্তৰাষ্ট্ৰীয় মেচত নূন্যতম ৭৫% খেলাৰ যোগ্যতা অৰ্জন কৰিব লাগিব আৰু দলৰ ফিফা ৰেংকিং হব লাগিব ৭০ ৰ ভিতৰত।

দমনীয় প্ৰদৰ্শন আগবঢ়ালেও ধীৰাজে উক্ত বেমেজালি পূৰ্ণ মাপকাঠী অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল কিয়নো ১৭ বৰ্ষীয়  ধীৰাজে কেৱল দেশৰ হৈ বয়স গ্ৰুপৰ প্ৰতিযোগিতাত হে অংশ লৈছে আৰু দেশৰ ৰেংকিঙৰ স্থান ৯৭। স্বাভাৱিকতেই বিফল মনোৰথ হৈ স্কটলেণ্ডৰ পৰা ধীৰাজে প্ৰত্যাৱৰ্তন কৰে আৰু কেৰালা দলৰ হৈ খেলিবলৈ মান্তি হয়, ধীৰাজে এতিয়া কঠোৰ পৰিশ্ৰম কৰি অনাগত দিনত বিদেশৰ লীগ খেলাৰ লগতে জাতীয় দলত নিজৰ স্থান নিগাজী কৰিবলৈ বদ্ধপৰিকৰ বুলি সাংবাদিকক জানিবলৈ দিছে। তেঁও  ইংলেণ্ডৰ জাতীয় দলৰ আৰু লিভাৰপুল এফ.চিৰ প্ৰাক্তন গলৰক্ষক আৰু বৰ্তমান কেৰালা ব্লাষ্টাছৰ প্ৰশিক্ষক ডেভিড জেমছৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লবলৈ ভীষণ উৎসাহী বুলি উল্লেখ কৰে। ডেভিড জেমচেও ধীৰাজৰ প্ৰভিভাক বিষ্ময়কৰ আখ্যা দি ধীৰাজক ভৱিষ্যতৰ তাৰকা বুলি অভিহিত কৰিছে।

ধীৰাজে ইতিমধ্যেই অনূৰ্ধ -১৭ বিশ্বকাপত দুৰ্ধৰ্ষ প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, কলম্বিয়া আমেৰিকা আদিৰ দৰে দলৰ ষ্ট্ৰাইকাৰৰ কোবাল শ্বট প্ৰতিহত কৰি বিপক্ষৰ সমীহ বুটলিছিল। ইয়াৰ আগতে ভাৰতৰ দলে উৰুগুৱে আৰু বেলাৰুছ, নৰৱে আদি শক্তিশালী দলৰ বিৰুদ্ধে ধীৰাজৰ প্ৰদৰ্শন আছিল সপ্ৰতিভ।

ধীৰাজৰ প্ৰতিভাৰ অন্যতম চানেকি হৈছে বায়ুত ভাসমান হৈ ড্ৰাইভ কৰি প্ৰতিপক্ষৰ আক্ৰমণ নষ্ট কৰিব পৰা দক্ষতা,ধীৰাজে অতি চতুৰতাৰে ষ্ট্ৰাইকাৰৰ লগত বুজাবুজিৰে প্ৰতি-আক্ৰমণ কৰাতো সিদ্ধহস্ত। ধীৰাজক দেশ-বিদেশৰ অনেক ফুটবল বিশেষজ্ঞই প্ৰতিভাৰ আকৰ স্বৰূপে অভিহিত কৰিছে।

উপৰি উক্ত গুণৰ বাবেই সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ সন্তান ধীৰাজ উত্তৰ-পুৱৰ ফুটবলাৰ হোৱাৰ স্বপ্ন দেখা শিশুৰ আদৰ্শত পৰিণত হৈছে। অনাগত সময়ছোৱাত ধীৰাজে কেনে প্ৰদৰ্শন আগবঢ়ায় সেয়া বাৰুকৈয়ে লক্ষ্যণীয় হ’ব ।

সুমন্ত কাকতি

সুমন্ত কাকতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd