ক্ষমা খোজা দূৰৰ কথা, ক’ত নোহোৱা হ’ল হিম্মৎসিংকা?

rishabh himmatshinka md mukesh hyundai

ৰিচভ হিম্মৎসিংকা। উৎস : ফে’ছবুক।।

কমল দাস নামৰ তলতীয়া কৰ্মচাৰী এজনক কাণত ধৰাই আঁঠু কঢ়াই ৰাখি তেওঁৰ সন্মুখত কে’ক কাটি পৈশাচিক প্ৰদৰ্শনকামিতা দেখুওৱা মুকেশ হুন্দাইৰ পৰিচালন সঞ্চালক ৰিচভ হিম্মৎসিংকাই শ্ৰমিক তথা দল-সংগঠনৰ দাবীত সেও মানি ৰাজহুৱা ক্ষমা খোজা দূৰৰ কথা আৰক্ষীৰ লগতো কৰা নাই কোনো সহযোগ।

তদন্তকাৰী আৰক্ষীৰ সৈতে সহযোগিতা কৰাৰ পৰিৱৰ্তে বৰ্তমান পলাতক অৱস্থাতহে আছে ব্যৱসায়ীজন। ‘তদন্ত কৰি আছো। কোনো ধৰণৰ শুং-সূত্ৰ পোৱা নাই। চাৰিওফালে আৰক্ষীয়ে তেওঁক বিচাৰি আছে। গে’ষ্ট হাউচত তেওঁ আছিল, তাতো তালাচী চলালো, নাই পোৱা,’ নৰ্থ ইষ্ট নাও-ৰ আগত এই মন্তব্য আগবঢ়াইছে ঘটনাটোৰ তদন্ত কৰি থকা দিচপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাংশু দাসে।

আনহাতে চাইবাৰ অপৰাধ মোকাবিলা কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে অসম আৰক্ষীৰ চাইবাৰ দ’ম মুকলি কৰাৰ দিনটোতে হিম্মটচিংকাৰ বন্ধ হৈ থকা ম’বাইল ফ’নে প্ৰত্যাহ্বান আনিছে আৰক্ষীৰ তদন্তলৈ। ‘তেওঁৰ ম’বাইল চুইটচদ অফ হৈ আছে, গতিকে ট্ৰেকিং কৰিব পৰা নাই,’ আজি ৭ জুলাইত জনাইছে তদন্তকাৰী বিষয়া দাসে।

মহানগৰৰ পূব আৰক্ষী জিলাৰ ডিচিপি ৰমনদীপ কৰে সংবাদ মাধ্যমক জনোৱা মতে বহুবাৰ চমন দিয়াৰ পিছতো থানাত আহি হাজিৰ হোৱা নাই ব্যৱসায়ীজন।

‘তেওঁ আমাৰ সৈতে সহযোগিতা কৰা নাই। কিন্তু আমি অভিযান চলাই আছো। পোৱা মাত্ৰেই তেওঁক আটক কৰা হ’ব,’ সংবাদ মাধ্যমত প্ৰকাশিত কৰৰ মন্তব্য।

দোষীক সাৰি যাবলৈ দিয়া নহয় বুলি জানিবলৈ দি আৰক্ষী আয়ুক্ত হীৰেন নাথে প্ৰতিষ্ঠানটোৰ মেনেজাৰজনক ইতিমধ্যে আৰক্ষীয়ে সোধা-পোছা কৰিছে বুলি জনাইছিল।

৪ জুলাইত ঘটনা সংঘটিত হোৱা দিনটোতে কেইবাটাও সংগঠনে হিম্মটচিংকাৰ বিৰুদ্ধে পৃথকে পৃথকে এজাহাৰ দিয়াৰ বিপৰীতে যোৱা শুকুৰবাৰে ভুক্তভোগী কমল দাসেও নিজাকৈ ব্যৱসায়ীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।