ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণৰ অংশস্বৰূপে নাগালেণ্ড চিভিল ছাৰ্ভিচৰ প্ৰবেশ্যনাৰসকল (শিক্ষানৱিচ) প্ৰশাসনিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (এ টি আই) ক’হিমাৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে যোৱা ৫ মে’ত জুকু উপত্যকালৈ ট্ৰেকিঙত যায়। এই কথা জানিব পৰা গৈছে আজিৰ এটা চৰকাৰী প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে।
২৪ জনীয়া বিষয়া-কৰ্মচাৰীৰে গঠিত অভিযানকাৰী দলটোক নেতৃত্ব দিছিল এ টি আইৰ উপ-সঞ্চালক আৰু পাঠ্যক্ৰম সমন্বয়ক ড০ হভিথাল ছথুৱে। বিজ্ঞপ্তিটোত জনোৱা মতে, অভিযানটোৰ সময়ত এ টি আইৰ অতিৰিক্ত সঞ্চালক কেভেখা কেভিন জেহুলে বিষয়াসকলক কষ্টস্বীকাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ বিষয়াসকলক একোজন সফল চিভিল চাৰ্ভেণ্ট হ’বৰ বাবে এজন সৈনিকৰ দৰে কষ্টসহিষ্ণু হ’ব লাগিব বুলি কয়। লগতে তেওঁ নতুনকৈ ভৰ্তি হোৱা বিষয়াসকলক যেতিয়াই তেওঁলোকে নিযুক্তি পায়, তেতিয়াই এজন দায়বদ্ধ বিষয়া হোৱাত গুৰুত্ব দিবলৈ কয়।
“আমি কেৱল কথাত নহয়, কামটো আগৰণুৱা হ’ব লাগিব।” নতুন প্ৰশিক্ষণাধীন বিষয়াসকলক তেওঁ এইবুলি কয়। দুদিনীয়া এই ট্ৰেকিং প্ৰগ্ৰামটো বিষয়াসকলে ভৱিষ্যৎ কৰ্ম জীৱনত সন্মুখীন হ’ব পৰা শাৰীৰিক সক্ষমতাৰ দৰকাৰ হোৱা কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ সাজু কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছিল।