ত্ৰিপুৰাৰ বান পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল বিভাগে লামডিং-বদৰপুৰ আৰু বদৰপুৰ-আগৰতলাৰ মাজৰ ৰে’ল সেৱা পুনৰ চলাচল কৰোৱা পৰিলক্ষিত হয়।
ইফালে পঞ্চগ্ৰাম-কটাখাল ৰে’ল ষ্টেশ্যন এতিয়াও পানীৰ তলত ডুব গৈ থকা বাবে শিলচৰ আৰু বদৰপুৰৰ মাজৰ যাতায়াত ব্যৱস্থা ৰে’ল বিভাগে বাতিল কৰে।
উল্লেখ্য যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক শুত্ৰৰ পৰা জানিব পৰা অনুসৰি ২৫৬৫৮ নম্বৰৰ শিলচৰ-ছিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন বানৰ বাবে আবদ্ধ হৈ থকা যাত্ৰীসকলৰ সুবিধাৰ্থে শিলচৰ ষ্টেশ্যনৰ পৰিৱৰ্তে বদৰপুৰৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিছে।
ৰে’ল কৰ্তৃপক্ষই জনোৱা অনুসৰি বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছতে শীঘ্ৰে ৰে’ল সেৱা সমূহ চলাচল কৰিবলৈ প্ৰয়ত্ন কৰিব।
উল্লেখ্য যে নেৰা নেপেৰা বৰষুণৰ ফলত দিও নদী আৰু মনু নদীৰ বাঢ়নী পানীয়ে নিমিষতে কৈলাচহৰ নগৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল সমূহত বানে সংহৰী ৰূপ ধাৰণ কৰাত সমগ্ৰ জিলাখনতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে এতিয়াও জিলাখনৰ প্ৰায় ৭০ হেজাৰ লোক অস্থায়ী শিবিৰত বাস কৰি আছে।
বানাক্ৰান্ত অঞ্চলসমূহৰ লগতে অস্থায়ী বান শিবিৰ সমূহত জিলা প্ৰশাসনৰ তৰফৰ পৰা খোৱা সামগ্ৰী, ঔষধ-পাতিৰ লগতে সকলো ধৰণৰ সা-সুবিধা যোগান ধৰা হোৱা বুলি জানিব পৰা যায়।