আজি কিছু দিনৰ পৰা উত্তৰপূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগচ সৰবৰাহকাৰী তথা বহু পৰিমাণৰ ড্ৰাগচ উদ্ধাৰ কৰাৰ সময়তে কৰিমগঞ্জত বুধবাৰে নিশা বহু পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
আজি কিছু দিনৰ পৰা কৰিমগঞ্জত অবৈধ ড্ৰাগচ, নিচাজাতীয় টেবলেটৰ ব্যৱসায়ে গা কৰি উঠিছে আৰু এই ব্যৱসায় ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। বুধবাৰে আৰক্ষীয়ে কৰিমগঞ্জত পুনৰ নিচা জাতীয় টেবলেট জব্দ কৰা এই কথাকে প্ৰমাণ কৰিছে বুলি একাংশ সচেতন মহলে উল্লেখ কৰে।
প্ৰাপ্ত তথ্য মতে কৰিমগঞ্জ আৰক্ষী আৰু চি আৰ পি এফে যুটীয়াভাৱে অভিযান চলাই লক্ষ্মী চৰণ পথৰ এটা বাসগৃহত তালাচী চলাই প্ৰায় ১০ হাজাৰ নিচাজাতীয় টেবলেট জব্দ কৰে। জব্দ কৰা নিচা জাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আনহাতে বাসগৃহটোৰ নিৱাসী মছুল আহমেদকো আৰক্ষীয়ে আটক কৰি কৰিমগঞ্জ থানাত সোধ-পোছৰ বাবে ৰখা বুলি জানিব পৰা গৈছে।
জব্দ কৰা টেবলেটখিনি ম্যানমাৰৰ পৰা কৰিমগঞ্জলৈ অনা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।