NORTHEAST NOW (Assamese)

খাদ্য সুৰক্ষাক লৈ তৎপৰ কলিয়াবৰ মহকুমা প্ৰশাসন; কাৰ্যবাহী দণ্ডাধীশৰ অভিযান

June 19, 2018 4:52 pm · ৰিদিপ শৰ্মা

কলিয়াবৰ মহকুমা প্ৰশাসনে আজি অৰ্থাৎ মঙলবাৰে কলিয়াবৰত ৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগৰ সহযোগত খাদ্য সুৰক্ষা বিষয়ক এলানি অভিযান চলায়।

কলিয়াবৰৰ বাণিজ্যিক কেন্দ্ৰ জখলাবন্ধাৰ হোটেল, ৰেষ্টোৰা আৰু মিঠাই বিক্ৰী প্ৰতিষ্ঠানত অভিযান এই চলোৱা হয়। কাৰ্যবাহী দণ্ডাধীশ ঋতুপল্লৱ বৰুৱাই নগাৱঁৰ খাদ্য সুৰক্ষা বিষয়াদ্বয় সঞ্জয় বৰুৱা আৰু বি কে কাৰ্জীৰ সহযোগত উক্ত অভিযানৰ নেতৃত্ব প্ৰদান কৰে।

উল্লেখযোগ্য যে পৰিস্কাৰ-পৰিচ্ছন্নতা, ৰন্ধনশালা, খাদ্য পৰিবেশনকাৰীৰ স্বাস্থ্য, পোছাক-পৰিচ্ছদৰ ওপৰত গুৰত্ব আৰোপ কৰাৰ লগতে অভিযানকাৰী গোটটোৱে পৰীক্ষণৰ বাবে বিভিন্ন খাদ্যসামগ্ৰীৰ নমুনা সংগ্ৰহ কৰে।

তদুপৰি খাদ্য সামগ্ৰী সমূহৰ পৰীক্ষা কৰোতে যদি কিবা ভেজাল কৰাৰ কথা প্ৰমাণ হয় তেন্তে সেইক্ষেত্ৰত বিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অভিযান কাৰি দলটোৱে লগতে জানিবলৈ দিয়ে।

Related News