বৰাক আৰু কুছিয়াৰা নদীৰ পানী বিপদ সীমাৰ তললৈ নামিছে যদিওঁ বহু স্থান এতিয়াও বানৰ কৱলত। ইয়াৰ মাজতেই বানৰ তাণ্ডৱ অব্যাহত আছে। পৰৱৰ্তী পৰিস্থিতিৰ বুজ ল’বলৈ বৰাকত মুখ্য মন্ত্ৰীৰ দূত হিচাপে ৰাজ্যৰ পৰিয়াল আৰু শিশু পৰিসেৱা, গ্ৰাহক পৰিক্ৰমা, সংখ্যালঘূ কল্যাণ আৰু উন্নয়ন, আবকাৰী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষ, আয়ুক্ত সচিব ৰাজেশ প্ৰসাদ উপস্থিত হৈছে। তেওঁ কালি বিয়লি শিলচৰ চহৰ,ৰংপুৰ আৰু চহৰৰ সমীপৱৰ্তী এলেকাৰ বানৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে কেইবাটা আশ্ৰয় শিবিৰ পৰিদর্শন কৰে।
শিলচৰ-কৰিমগঞ্জ ৫৩নং ৰাষ্ট্রীয় ঘাইপথ বন্ধ থকাৰ উপৰিও বিভিন্ন গড়কাপ্তানী পথ বন্ধ হৈ আছে। ফেৰী পৰিসেৱা স্বাভাৱিক অৱস্থালৈ অহা নাই। শিলচৰ-বদৰপুৰ -লামডিং ৰে’লসেৱাও বাতিল হৈ আছে। কালি বদৰপুৰৰ পৰা এখন ট্ৰেইনহে গৈছে।
পিছত কাছাৰ জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হয়।উক্ত বৈঠকত ৰাজেশ প্ৰসাদে বিধায়ক দিলীপ কুমাৰ পাল, কিশোৰ নাথ, মিহিৰ সোম উপায়ুক্ত এছ লক্ষনাণ আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছন সহ জলসম্পদ আৰু দুৰ্যোগ মোকাবিলা বিভাগৰ লগতে জনস্বাস্থ্য, স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ মত বিনিময় কৰে।
চৰকাৰী দায়িত্বৰ বিষয়ে উল্লেখ কৰে। আশ্রয় শিবিৰত শৌচাগাৰ আৰু চাফচিকুণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। উল্লেখযোগ্য যে, পৰহি ৰাতিৰ পৰা বৰাক নদীৰ অন্নপূৰ্ণা ঘাটত জলস্তৰ কমিছে যদিও ভয়াৱহ ৰূপত আছে উপত্যকাটোৰ বান পৰিস্থিতি। এনে পৰিস্থিতিৰ মাজত যোৱা দেওবাৰে শিলচৰত উপস্থিত হৈছিল জলসম্পদ মন্ত্রী কেশৱ মহন্ত।
তেওঁ যুদ্ধকালীন তৎপৰতাৰে ভাগি যোৱা বান্ধ মেৰামতিৰ নিৰ্দেশ দিয়ে। বৰাকৰ বান আৰু মথাউৰিসমূহ পৰিদর্শন কৰাৰ লগতে আশ্ৰয় শিবিৰত ৰাইজৰ সৈতে কথা পাতি খবৰ লোৱাৰ লগতে শিবিৰসমূহত পৰ্যাপ্ত ত্ৰাণ সামগ্ৰী বিতৰণৰ যাৱতীয় নিৰ্দেশ দিয়ে।
ইপিনে বানৰ পৰর্ৱতী সময়ত বৰাকৰ পথ-ঘাটৰ অৱস্থাৰ ব্যাপক ক্ষতিসাধন কৰিছে। বানৰ কবলত পৰি বৰাকত এই পৰ্যন্ত ১১গৰাকী লোকৰ মৃত্যু হৈছে। যোৱা কেইবাটাও দিন বৰাকৰ লগতে উপনৈ মধূৰা, সোণাই, ধলেশ্বৰী, চিৰি, জিৰি,ডলু , জাতিঙ্গা, কাটাখাল আদি নৈৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈছিল।শিলচৰৰ বৰাক নদীৰ অন্নপূৰ্ণা ঘাটত বিপদসীমা ১৯.৮৩ মিটাৰ।
ইয়াত আজি দুপৰীয়ালৈকে বিপদসীমাৰ তলেৰে পানী বৈছে। ইপিনে ৰাজেশ প্ৰসাদে আজি পুৱা হাইলাকান্দি আৰু কৰিমগঞ্জৰ বান পৰিস্থিতিৰ বুজ লয়।