খাদ্য সুৰক্ষা আইনৰ অধীনত অসমৰ ৫২ লাখ পৰিয়ালে লাভ কৰিব মাত্ৰ ২০০ গ্ৰাম আটা

কণা হাঁহক পতান দিয়াৰ দৰে কেন্দ্রীয় চৰকাৰে অসমলৈ যোগান ধৰিছে সুলভ মূল্যৰ আটা। এই কথা প্ৰমাণ কৰিছে খাদ্য সুৰক্ষা আইনৰ অধীনত অসমলৈ যোগান ধৰা আটাৰ পৰিমাণে।

য’ত এটা পৰিয়ালক মাহেকত ৩ ৰ পৰা ৫ কেজি আটা লাগে। সেই সময়ত খাদ্য সুৰক্ষা আইনৰ অধীনত যোগান ধৰা আটাৰ পৰিমাণ অনুসৰি অসমৰ ৫২ লাখ পৰিয়ালে প্ৰতি মাহত লাভ কৰিব লগীয়া আটাৰ পৰিমাণ হৈছে মাত্ৰ ২০০ গ্ৰাম।

চাউলৰ সমানে আটাৰ চাহিদা থকাৰ পাছতো খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি লোৱা অসমৰ ৫২ লাখ পৰিয়ালে প্রতি মাহত লাভ কৰিব লগীয়া আটাৰ পৰিমাণ প্রায় দুশ গ্রাম হোৱাটো অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক। আনহাতে প্রতি মাহে এটা পৰিয়ালৰ বাবে মাত্র দুশ গ্রামকৈ আটা সুলভ মূল্যৰ দোকানসমূহে উঠাই বিতৰণ কৰাটো সম্ভৱ নহয়৷

যাৰ ফলত ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত ২৪খন জিলাই খাদ্য আৰু অসামৰিক যোগান বিভাগলৈ কেন্দ্রীয় চৰকাৰৰ খাদ্য সুৰক্ষা আইনৰ অধীনত অহা আটা বিতৰণৰ বাবে সংগ্রহ নকৰে বুলি লিখি দিছিল। অর্থাৎ অসমলৈ উক্ত আইনৰ আধাৰত অহা আটা মাত্র ৯খন জিলাইহে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰা উঠাই ৰাইজৰ মাজত বিতৰণ কৰি আছে৷

খাদ্য সুৰক্ষা আইনৰ অধীনত ৩৩খন জিলাৰ প্রায় ৫২ লাখ হিতাধিকাৰীলৈ আবণ্টিত আটা মাত্র ৯খন জিলাইহে উঠাই বিতৰণ কৰাৰ পাছতো প্ৰতিটো পৰিয়ালে লাভ কৰা আটাৰ পৰিমাণ হ’ল ১৩০০ গ্রাম।

ইফালে যিবোৰ জিলাই ৰাইজৰ বাবে আটাৰ যোগান পাই আছে সেই জিলাৰ সুলভ মূল্যৰ দোকানসমূহৰ পৰা এটা মাহত মাত্র ১৩০০ গ্রাম আটা উপভোক্তাই ক্রয় কৰিব নিবিচৰাত সেই আটাও ক’লা বজাৰত বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে।