খানাপাৰা খেলপথাৰ : এতিয়া অসম কৃষি বিশ্ববিদ্যালয় বনাম অসম বিজেপি

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন ধ্বংস হোৱাক লৈ সমুখ সমৰত নামি পৰিছে অসম কৃষি বিশ্ববিদ্যালয় আৰু শাসনাধিষ্ঠ বিজেপি দল।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ‘গণতন্ত্ৰৰ জ্ঞান নাই’ বুলি ১৪ জুনত অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে উভটি ধৰাৰ পিছত এইবাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰ টি আইত মিছা তথ্য দিয়াৰ অভিযোগ তুলিছে ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই।

আৰ টি আই আবেদনৰ উত্তৰত ২০১৭ চনৰ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাৰ বাবে ‘বিজেপিয়ে ক্ৰিকেট পিত্চখন মাটিৰে পুতি পেলাইছিল’ আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ এক জনসভাৰ বাবে ক্ৰীড়া প্ৰকল্পটোৰ সীমাৰ দেৱাল ভাঙি দিবলৈ যোৱা ২০১৪ চনৰ ফেব্ৰুৱাৰিত দিচপুৰ ৰাজহ চক্ৰৰ বিষয়াই নিৰ্দেশ দিছিল বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছিল।

কিন্তু ‘২০১৪ চনৰ ফেব্ৰুৱাৰি মাহত নৰেন্দ্ৰ মোদী আহোতে খেলপথাৰৰ চৌহদৰ ৱালৰ কিছু অংশ ভাঙি প্ৰৱেশদ্বাৰৰ ব্যৱস্থা কৰা হৈছিল যদিও সেই ৱাল আমি নিৰ্মাণ কৰি দিছো,’ বুলি দাবী কৰিছে ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষগৰাকীয়ে।

খেলপথাৰখনত কোনো অনুমতি নোহোৱাকৈ হেলিপেড নিৰ্মাণৰ বাবে পকী ব্লক বহুওৱা হৈছিল বুলিও আৰ টি আইৰ উত্তৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে কৰা অভিযোগক নস্যাৎ কৰিছে শৰ্মাই।

বিজেপিয়ে ব্লক ইটাৰে কোনো হেলিপেড নিৰ্মাণ কৰা নাই বুলি দাবী কৰি তেওঁ কয় যে খেলপথাৰখনত হেলিকপ্তাৰ নমাব লগীয়া বা ৰখাব লগীয়া সময়ৰ সম্পূৰ্ণ ভাৰা দলটোৱে ইতিমধ্যে বহন কৰিছে।

শৰ্মাই লগতে দাবী কৰে যে ২০১৪ চনৰ ৮ ফেব্ৰুৱাৰিত নৰেন্দ্ৰ মোদী অসমলৈ অহোতে খানাপাৰাৰ খেলপথাৰত বিজেপিৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল। তাৰ পাছৰ পৰা এতিয়ালৈ খেলপথাৰখনত বিজেপিৰ মাত্ৰ চাৰিখন সভা অনুষ্ঠিত হৈছে।

ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষৰ এই মন্তব্যৰ বিপৰীতে ‘গণতন্ত্ৰৰ জ্ঞান নাই’ বুলি অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কালি ১৪ জুনত ককৰ্থনা কৰিছিল অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

ইপিনে আৰ টি আই আবেদনখনৰ উত্তৰ দিয়াক লৈয়ো কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজতে সৃষ্টি হৈছে খেলিমেলিৰ। উপাচাৰ্য্য কমল মল্ল বুজবৰুৱাই এই আৰ টি আই আবেদন সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ৰ পৰাহে অৱগত হোৱা বুলি মন্তব্য কৰি আৰ টি আইৰ উত্তৰ দিয়াৰ বাবে ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগৰ ‘কৰ্তৃত্ব নাই’ বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল।

আনহাতে ‘(খেলপথাৰ) বিষয়টোত মই এতিয়াই সোমাব খোজা নাই’ বুলি নৰ্থ ইষ্ট নাও-ৰ প্ৰশ্নৰ পৰা পূৰ্বে ফালৰি কাটিছিল স্থানীয় দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই।

গুৱাহাটীৰ এই বিশাল আৰু অত্যাধুনিক সা-সুবিধাযুক্ত খেলপথাৰখন ক্ৰীড়াৰ লগত সম্পৰ্ক নোহোৱা কাৰ্য্যসূচীসমূহৰ বাবে ধ্বংস হোৱা সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ত প্ৰকাশিত ধাৰাৱাহিক, বিস্তাৰিত প্ৰতিবেদনৰ পিছত ৰাজ্যৰ একাংশ প্ৰাক্তন ৰঞ্জি খেলুৱৈ আৰু ক্ৰীড়া সংগঠকৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কংগ্ৰেছে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

চাওক : ৬৯ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ পিছত খানাপাৰাৰ খেলপথাৰৰ বিশৃংখলাৰ দৃশ্য

খানাপাৰাৰ খেলপথাৰ ধ্বংসক লৈ অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম বিজেপিৰ এই বিপৰীত ভাষ্যৰ পিছত এতিয়া প্ৰশ্ন হৈছে মিছা কোনে মাতিছে? সঁচা কোন?