ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষা বিভাগত উন্নতি সাধন হোৱা বুলি কোৱাৰ সময়তে পোহৰলৈ আহিছে কলিয়াবৰৰ আগশাৰীৰ কেইবাখনো উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক-কৰ্মচাৰী নথকাৰ কথা।
উল্লেখযোগ্য যে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৫ খন উচ্চতৰ মাধ্যমিক আৰু ১৫ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায়বোৰতে বৰ্তমান খালী হৈ আছে বহুতো শিক্ষকৰ পদ।
মন কৰিব লগীয়া যে কলিয়াবৰৰ চৰকাৰী খণ্ডৰ ব্ৰিটিছৰ শাসন কালতে প্ৰতিষ্ঠিত তথা কলিয়াবৰৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি কলিয়াবৰ আগশাৰীৰ কেইবাখনো উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত বহু বিষয়ৰ শিক্ষকৰ লগতে সাধাৰণ শিক্ষক, বিদ্যালয়ৰ বিভিন্ন বিষয়া-কৰ্মচাৰী তথা চকীদাৰ পদলৈকে বহুতো গুৰুত্বপূৰ্ণ পদত নাই কোনো ধৰণৰ বিষয়া।
ফলত বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে এতিয়া শিক্ষা গ্ৰহণ কৰা ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।
প্ৰাপ্ত তথ্য মতে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ ৮টা পদ, বিষয় শিক্ষকৰ ৪টা পদ, বিজ্ঞানাগাৰৰ ৩টা পদ। কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ ৫টা পদ, বিজ্ঞান বিষয়ৰ ৩ টা পদ, সংস্কৃত বিষয়ৰ ১টা পদ। কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ ১টা পদ, অৰ্থনীতি বিজ্ঞানৰ ১টা পদ, ৰাজনীতি বিজ্ঞান বিষয়ৰ ১টা পদ, বুৰঞ্জী বিষয়ৰ ১টা পদ, সহকাৰী শিক্ষকৰ ৩টা পদ, চতুৰ্থ বৰ্গৰ ৩টা পদ, বিদ্যালয় পৰিচালনা বিভাগৰ ১টা পদ ,সহকাৰী অধ্যক্ষৰ ১টা পদ খালী হৈ আছে।
একেদৰে কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী বিষয়ৰ ১টা পদ খালী হৈ থকাৰ উপৰিও জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাণিজ্য শাখাৰ সকলো পদ খালী হৈ আছে। ফলত ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত নামভৰ্ত্তি কৰণত ছাত্র-ছাত্ৰী তথা বিদ্যালয় কৰ্তৃপক্ষ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।
তাৎপৰ্যপূৰ্ণ যে যি সময়ত শিক্ষাৰ দ্বাৰা এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হৈছে, যি সময়ত শিক্ষাক আৰু অধিক গুৰুত্ব আৰোপ কৰি এক সুস্থিৰ সমাজ গঢ়াৰ ক্ষেত্ৰত চৰকাৰে নতুন নতুন প্ৰদক্ষেপ গ্ৰহণ কৰিছে সেই সময়তে দেখা গৈছে এক বিপৰীত তথা ভয়ানক প্ৰতিচ্ছবি।
আনহাতে চৰকাৰী খণ্ডৰ এই বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক, বিদ্যালয় কৰ্তৃপক্ষই বহু বাৰ বিভাগীয় কৰ্তৃপক্ষক বিদ্যালয়ৰ খালী হৈ থকা পদসমূহৰ বিষয়ে অৱগত কৰি আহিছে যদিও আজিকোপতি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ফালৰ পৰা কোনোধৰণৰ সুফল পোৱা নাই বুলিও অভিযোগ উত্থাপন হৈছে।
লগতে কলিয়াবৰৰ একাংশ সচেতন মহলে বিধায়ক তথা অসম চৰকাৰৰ জলসিঞ্চন তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ নিজ গৃহ সমষ্টিৰ এনে ধৰণৰ গধুৰ সমস্যাবোৰ কেতিয়ালৈ সমাধান হ’ব বুলিও এক প্ৰশ্ন উত্থাপন কৰিছে।