মৰিগাঁও জিলাৰ মায়ংস্থিত পবিতৰা অভয়াৰণ্যত গঁড়ৰ পৰিসংখ্যা নিৰ্ধাৰণৰ বাবে ১৮ মাৰ্চত বন বিভাগৰ দ্বাৰা সম্পন্ন কৰা হ’ব গঁড় গণনা তথা গড়ৰ পিয়ল। সেয়ে ১৮ মাৰ্চত দেশী-বিদেশী পৰ্যটক তথা দৰ্শনাৰ্থীৰ বাবে পবিতৰা অভয়াৰণ্য বন্ধ থাকিব বুলি জানিব দিছে পবিতৰা কৰ্তৃপক্ষই।
উল্লেখ্য যে কম ঘনত্বত সৰ্বাধিক এশিঙীয়া গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্যত ১৮ মাৰ্চত বন বিভাগৰ দ্বাৰা সম্পন্ন কৰা হ’ব গঁড় গণনা কাৰ্য আৰু সেই বাবে হাতী আৰু জীপ ছাফাৰিও সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছে।
সুদীৰ্ঘ ছয় বছৰৰ মূৰত ৰাজ্যৰ বন বিভাগে অভয়াৰণ্যখনত সম্পাদনা কৰিব ওলোৱা এই গঁড় গণনাৰ বাবে পবিতৰা কৰ্তৃপক্ষই ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।
পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া তথা ৰেঞ্জাৰ অশোক দাসে জানিবলৈ দি কয় যে বৃহৎ পবিতৰা অভয়াৰণ্যখনৰ গঁড় গণনাৰ বাবে পবিতৰাক মুঠ ৯টা ব্লকত ভাগ কৰা হৈছে। গণনাকাৰীসকলে গাড়ী আৰু হাতীৰে এই গঁড় গণনা কাৰ্য সম্পাদনা কৰিব।
গঁড় গণনা কাৰ্যত বন বিভাগৰ উচ্চপদস্থ বিষয়া, পবিতৰাৰ বনকৰ্মী, প্ৰকৃতিপ্ৰেমী সংগঠন আৰু স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মীসকল উপস্থিত থাকিব।
উল্লেখযোগ্য যে ২০১২ চনত হোৱা গঁড়ৰ পিয়লত অভয়াৰণ্যখনত মুঠ ৯৩টা এশিঙীয়া গঁড়ৰ উপস্থিতি পোৱা গৈছিল। আৰু সেয়ে এইবাৰৰ গণনাত পূৰ্বতকৈ অধিক অবস্থিতি পোৱাৰ সম্ভাৱণা ব্যক্ত কৰিছে বন বিভাগৰ লোক তথা পবিতৰা কৰ্তৃপক্ষই।
প্ৰণিধানযোগ্য যে বন বিভাগৰ নীতি অনুসৰি এই গণনা প্ৰতি চাৰি বছৰৰ অন্তৰালত সম্পন্ন হ’ব লাগে। কিন্তু পবিতৰা অভয়াৰণ্যত বন বিভাগে সুদীৰ্ঘ ছয় বছৰৰ মূৰত গঁড় গণনা তথা পিয়লৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।
ইফালে যোৱা বৰ্ষৰ প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা অভয়াৰণ্যখনৰ বাট পথবোৰ মেৰামতি নকৰাৰ ফলত গণনা কাৰ্যত কিছু অসুবিধাৰ সন্মুখীন হ’ব বুলি ধাৰণা কৰিছে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই।