হাতত ভুৱা নিযুক্তি পত্ৰ লৈ চাকৰিত যোগদান কৰিবলৈ আহি ধৰা পৰিল এজন বাংলাদেশী যুৱক। বুধবাৰে সুমন ভট্টাচাৰ্য (৩৫) নামৰ এজন যুৱকে কনিষ্ঠ প্ৰশাসনিক সহায়ক পদত যোগদান কৰিবলৈ পুৱাৰ ভাগত সচিবালয়ৰ যুটীয়া সচিব মুকুল শইকীয়াৰ কাৰ্যালয়ত আহি উপস্থিত হৈছিল।
উল্লেখযোগ্য যে কনিষ্ঠ সহায়ক পদৰ বাবে নিৰ্বচিত হোৱা প্ৰাৰ্থীসকলক কিছুদিন পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল। স্বাভাৱিকতেই সুমন ভট্টাচাৰ্যই প্ৰদৰ্শন কৰা নিযুক্তি পত্ৰ চাই হতভম্ব হৈ পৰিছে যুটীয়া সচিব মুকুল শইকীয়া।
যুটীয়া সচিবগৰাকীয়ে সুমন ভট্টাচাৰ্যক জেৰা কৰাত তেওঁৰ উত্তৰত শইকীয়াৰ সন্দেহ ঘনীভূত হোৱাত দিচপুৰ আৰক্ষীক খৱৰ দিয়ে। আৰক্ষীয়ে আহি সুমনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।
ইয়াৰ মাজতে চাঞ্চল্যকৰ তথ্যটো আহি পৰে যে ধৃত সুমন ভট্টাচাৰ্য এগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰী। ভট্টাচাৰ্যই কেইবছৰমান পূৰ্বে বাংলাদেশৰ কুমিল্লাৰ পৰা অসমত প্ৰৱেশ কৰি গুৱাহাটীত থাকিবলৈ লয়।
জানিব পৰা মতে সচিবালয়ৰে এগৰাকী ভাস্কৰ বৰাই বৃহৎ ধনৰ বিনিময়ত তেওঁক নিযুক্তি পত্ৰ উলিয়াই দিছিল। আনহাতে, দিচপুৰ আৰক্ষীয়ে সুমন ভট্টাচাৰ্যৰ বাংলাদেশী বুলি কোনো তথ্য প্ৰমাণ নাই আৰু ইয়াক গুজব বুলি আখ্যা দিয়ে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত সুমনে অনলাইনযোগে কনিষ্ঠ সহায়ক পদৰ বাবে আবেদন কৰি লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি দাবী কৰিছে। তেওঁ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ডাকযোগে তেওঁলৈ নিযুক্তি পত্ৰ প্ৰেৰণ কৰা হয়। এখন স্থানীয় সংবাদ পত্ৰতো তেওঁ উত্তীৰ্ণ হোৱা বুলি ‘চৰকাৰী বিজ্ঞাপন’ত প্ৰকাশ পোৱা বুলিও দাবী কৰিছে সুমনে।
আনহাতে, প্ৰাথমিক অনুসন্ধানৰ পিছত নিয়োগ পত্ৰখন যে ভুৱা সেয়া আৰক্ষী নিশ্চিত হৈছে। আৰক্ষীয়ে অনলাইন যোগে কোনো দুষ্ট চক্ৰই চাকৰিৰ ভুৱা নিযুক্তিৰ জাল পেলাইছে নেকি তাৰ তদন্ত আৰম্ভ কৰিছে।
সুমনৰ বাংলাদেশী প্ৰসংগত আৰক্ষীয়ে স্পষ্ট কৰিছে যে এয়া এক গুজব আৰু তেওঁৰ পান কাৰ্ডৰ লগতে ভোটাৰ কাৰ্ডো আছে। তদুপৰি, সুমনৰ পিতৃ ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী অৱসৰ প্ৰাপ্ত কৰ্মচাৰী। বৰ্তমান সুমন জি এছ ৰোডৰ এটা ফ্লেটত বাস কৰি আছে।