• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত অনুষ্ঠিত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 29, 2024 4:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ ব্যক্তিসকলক একত্ৰিত কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত শৈক্ষিক, সাংস্কৃতিক, আৰু গৱেষণামূলক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে  তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলন অনুষ্ঠিত হয়। ভাৰত-জাপান বিজনেছ কাউন্সিল (আই জে বি চি)ৰ উদ্যোগত আৰু বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অৱ কালচাৰৰ সহযোগত আয়োজিত এই অনুষ্ঠানটোত  জাপানৰ দূতাবাসে জাপান মাহ উপলক্ষ্যে বিশেষভাবে  সহযোগিতা আগবঢ়ায়।

অনুষ্ঠানটো উদ্বোধন কৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী  কিৰেণ  ৰিজিজুৱে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰিজিজুৱে  শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত ভাৰত-জাপানৰ সহযোগিতাৰ গুৰুত্বৰ  বিষয়ত আলোকপাত কৰে। তেওঁৰ সৈতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে  অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড°  ৰণোজ পেগু,  ভাৰতত থকা জাপানৰ দূতাবাসৰ পৰামৰ্শদাতা (অৰ্থনীতি আৰু উন্নয়ন) শ্ৰী জিৰো কোডেৰা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ  ডেকা, শ্ৰীমতী কুমাৰী সায়ন্তী, বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠানৰ সংগঠক আৰু ভাৰত-জাপান বিজনেছ কাউন্সিলৰ সভাপতি শ্ৰী সিদ্ধাৰ্থ দেশমুখ।

Apply Now

ভাষণ প্ৰসংগত  কিৰেণ  ৰিজিজুৱে কয়, — “ভাৰত-জাপান শিক্ষা সন্মিলন আমাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত ক্ৰমবৰ্ধমান বন্ধনৰ এক প্ৰমাণ। শৈক্ষিক সহযোগিতা আৰু সাংস্কৃতিক বিনিময়ৰ জড়িয়তে   আমি কেৱল আমাৰ কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰাই নহয়, আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বিশ্ব শিক্ষা আৰু কেৰিয়াৰ অন্বেষণ কৰাৰ সুযোগো প্ৰদান কৰিব পাৰিছো। বিশেষকৈ উত্তৰ-পূব ভাৰতৰ দৰে অঞ্চলত, য’ত সম্ভাৱনা অপৰিসীম, অগণন যুৱ প্ৰতিভাৰ ভৱিষ্যত গঢ় দিব  পাৰে এনে পদক্ষেপে। ইণ্ডো জাপান বিজনেছ কাউন্সিলে উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰ  বিশ্ববিদ্যালয়ত একেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি সমগ্ৰ অঞ্চলটোত প্ৰয়োজনীয় তথ্য প্ৰচাৰ কৰাৰ অৱকাশ আছে।”

ড০ ৰণোজ পেগুৱে  তেওঁৰ ভাষণত  কয়, ‘জাপানৰ শিক্ষানুষ্ঠানসমূহক আমাৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ লৈ যাব পৰাকৈ   এই উল্লেখযোগ্য অনুষ্ঠানটো আয়োজন কৰাৰ কথা  অসমৰ বাবে এক সৌভাগ্যৰ কথা। উচ্চ শিক্ষা, গৱেষণা, আৰু সাংস্কৃতিক আদান-প্ৰদানৰ দুৱাৰ মুকলি কৰি আমি উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্বব্যাপী সুযোগ অন্বেষণত  অংশগ্ৰহণ কৰিবলৈ সবল কৰি তুলিব পাৰো । ভাৰত আৰু জাপানৰ মাজত এই সহযোগিতা আমাৰ অঞ্চলৰ শৈক্ষিক তথা সাংস্কৃতিক বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।”

জাপানৰ দূতাবাসৰ পৰামৰ্শদাতা (অৰ্থনীতি আৰু উন্নয়ন) জিৰো কোডেৰাই তেওঁৰ ভাষণত কয়, “ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ এনে  উৎসাহে জাপান আৰু ভাৰতৰ মাজত গভীৰ শৈক্ষিক সম্পৰ্কৰ প্ৰবল আকাংক্ষাকে প্ৰদৰ্শন কৰিছে। এই অনুষ্ঠানে শিক্ষাৰ ক্ষেত্ৰত আৰু ইয়াৰ বাহিৰতো ভৱিষ্যতে সহযোগিতাৰ ভিত্তি স্থাপন কৰিব।”

ইণ্ডো জাপান বিজনেছ কাউন্সিলৰ সভাপতি সিদ্ধাৰ্থ দেশমুখে উল্লেখ কৰে যে  জাপান ৰবটিক্স, কৃত্ৰিম বুদ্ধিমত্তা, স্বচ্ছ শক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ বাবে উত্তৰ-পূব অঞ্চলৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে জাপানৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে সহযোগিতা তথা  অৱদান আগবঢ়োৱাটো অতি প্ৰয়োজনীয় কথা হৈ পৰিছে। ই  নতুন প্ৰজন্মক উদ্ভাৱনী প্ৰযুক্তি সৃষ্টিত সহায় কৰিব। তেওঁ উত্তৰ-পূব ভাৰত আৰু জাপানৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক আত্মীয়তাৰ গুৰুত্বৰ বিষয়ত  আলোকপাত কৰি কয় যে এনে অনুষ্ঠানে ভৌগলিক  সীমা আৰু প্ৰজন্মক অতিক্ৰম কৰি স্থায়ী বন্ধন গঢ়ি তোলাত অনুঘটক হিচাপে কাম কৰিব পাৰে। তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনে জাপানৰ সৈতে শৈক্ষিক আদান-প্ৰদানৰ বাবে এটা মূল অঞ্চল হিচাপে উত্তৰ-পূব ভাৰতৰ সম্ভাৱনাক প্ৰদৰ্শন কৰিছে আৰু  এক  উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। কটন বিশ্ববিদ্যালয়, জাপানৰ দূতাবাস, বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠানৰ দৰে অংশীদাৰৰ সহযোগত আয়োজিত  এই অনুষ্ঠানে ভাৰত-জাপানৰ সম্পৰ্কক শৈক্ষিক ক্ষেত্ৰত আৰু অধিক শক্তিশালী কৰি তুলিব বুলি দেশমুখে আশা  প্ৰকাশ কৰে।

এই সন্মিলনত  ভাৰত-জাপানৰ শৈক্ষিক সহযোগিতা আৰু সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰসাৰৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। জাপানৰ শীৰ্ষ বিশ্ববিদ্যালয়, ভাষা বিদ্যালয়, গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি জাপানৰ অধ্যয়নৰ সুযোগৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে । তদুপৰি অংশগ্ৰহণকাৰীসকলে জাপানী পৰম্পৰাগত কলা, এনিমে, আৰু পপ সংস্কৃতিৰ সৈতে জড়িত হৈ দুয়ো খন দেশৰ  মাজত গভীৰ সাংস্কৃতিক বুজাবুজি স্থাপনৰো  পোষকতা কৰে। ইয়াৰ উপৰি ভাৰত আৰু জাপানৰ বিশেষজ্ঞ তথা শিক্ষাবিদসকলে সন্মিলনত  যৌথ গৱেষণা, ছাত্ৰৰ মাজত তথ্যৰ বিনিময় আৰু প্ৰযুক্তি হস্তান্তৰ কাৰ্যসূচী সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে।

১৬০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদে অংশগ্ৰহণ কৰা এই সন্মিলনে উত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক জাপানৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ এক অনন্য সুযোগ প্ৰদান কৰে। ৭০%তকৈ অধিক উপস্থিতিতি উত্তৰ-পূব অঞ্চলৰ পৰা আছিল আৰু তেওঁলোকে  জাপানত উচ্চ শিক্ষা, গৱেষণা, আৰু কেৰিয়াৰৰ সুযোগ লাভৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ আগ্ৰহ প্ৰকাশ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd