গুৱাহাটীত আয়োজন কৰা হৈছে ‘জীৱিকাৰ মাধ্যম হওক গ্ৰাম্য পৰ্যটন’ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন

গ্ৰাম্য পৰ্যটন

ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ খানাপাৰাস্থিত উত্তৰ-পূৰ্বাঞ্চল আঞ্চলিক শাখাই জানুৱাৰীৰ ৬ আৰু ৭ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ গ্ৰীণউদ ৰিজ’ৰ্টত ‘উত্তৰ পূব ভাৰতৰ গ্ৰাম্য পৰ্যটন মাধ্যম হওক জীৱিকা’ শীৰ্ষক এক ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে।

এই সন্মিলনখনৰ উদ্বোধন কাৰ্যসূচীত কেন্দ্ৰীয় গ্ৰামীন বিকাশ, পঞ্চায়তী ৰাজ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ উপস্থিত থকাৰ সম্ভাৱণা আছে। কেন্দ্ৰীয় মন্ত্ৰীজনৰ উপৰি ভাৰত চৰকাৰৰ গ্ৰাম্য বিকাশ মন্ত্ৰনালয়ৰ সচিব অমৰজিৎ সিনহা, ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰনালয়ৰ মহানিৰ্দেশক সত্যজিত ৰাজনৰ লগতে পৰ্যটন মন্ত্ৰনালয়ৰ প্ৰাক্তন সচিব এম পি বেজবৰুৱাই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

ভাৰতৰ ভিতৰতে উত্তৰ-পূবৰ আঠখন ৰাজ্যত মুঠ ৭.২শতাংশ গাঁও আছে। যিহেতু উত্তৰ-পূবৰ ৰাজ্যকেইখন নানা লোক কৃষ্টি সংস্কৃতিৰে চহকী সেয়েহে গাঁও সমূহৰ সৌন্দৰ্যতা তথা সংস্কৃতি সমূহ পৰিচয় কৰাই দিয়াৰ বাবে আমি গ্ৰাম্য পৰ্যটনক অধিক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়াস কৰিছো। ইয়াৰ ফলত গাঁওত বাস কৰা লোক সকলৰ জীৱিকাতো সু প্ৰভাৱ পৰা সম্ভাৱণা আছে। বুধবাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ সঞ্চালক ড০ আৰ এম পাণ্টে এই কথা সদৰী কৰে। ইয়াৰ উপৰি তেওঁ কয় যে দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনখনত মূলত: গ্ৰাম্য পৰ্যটনক্ষেত্ৰখন কি দৰে ফলপ্ৰসূ কৰি তুলিব পাৰি তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষাবিদ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ উল্লেখনীয় সংস্থা সমূহৰ লোকে সন্মিলনখনত অধ্যক্ষ, নিৰ্দিষ্ট বক্তা আদি ৰূপত উপস্থিত থাকি ভাষণ ৰাখিব।

গ্ৰাম্য পৰ্যটন মূলক ৰাষ্ট্ৰীয় সন্মিলনখনত ৰাম মুইভা, অসম চৰকাৰৰ গ্ৰাম্য বিকাশ আৰু পঞ্চায়তৰ উপায়ুক্ত তথা সচিব ড০ জে বি এক্কা, অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰনালয়ৰ প্ৰাক্তন সচিব স্বপ্ননীল বৰুৱাৰ উপৰি বহু বিষয়া উপস্থিত থাকিব।