আজি এটা গুৰুত্বপূৰ্ণ পদক্ষেপত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজক সাক্ষাৎ কৰি গুৱাহাটীত আছিয়ান দেশবিলাকৰ বাণিজ্য দূতাৱাস মুকলি কৰিবলৈ আৱেদন জনায়।
সাংবাদিকৰ আগত মুখ্য মন্ত্ৰীজনে কয়, “গুৱাহাটীত বাংলাদেশ আৰু ভূটানৰ বাণিজ্য দূতাৱাস স্থাপনৰ বাবে ব্যক্তিগত উদ্যোগ লোৱা বাবে মই সুষমাজীক ধন্যবাদ জনাইছো। অধিক সুবিধা কৰিবৰ বাবে আৰু মই তেওঁক সকলো আছিয়ান দেশৰ বাবে গুৱাহাটীত বাণিজ্য দূতাৱাস খুলিবলৈ আহ্বান জনাইছো।”
উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলে এক্ট ইষ্ট পলিচি সম্পৰ্কত মত বিনিময় কৰাৰ সময়ত সোণোৱালে এই আৰ্জি পেচ কৰে বুলি সোণোৱালে সংবাদ মাধ্যমক জনায়।
“মই লগতে সুষমা স্বৰাজজীক এই সভাখন আয়োজন কৰাৰ বাবে ধন্যবাদ দিছো। আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীজীক ধন্যবাদ দিছো তেওঁ উত্তৰ-পূবক এক্ট ইষ্ট পলিচিৰ মূল বিন্দুত স্থাপন কৰাৰ বাবে।” এইদৰে কয় সোণোৱালে।
মন কৰিব লগীয়া যে এক্ট ইষ্ট পলিচিৰ ওপৰত পৰ্য্যালোচনা সভাখন আহ্বান জনাইছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে। সভাখন আহ্বান কৰা হৈছিল ভাৰতৰ সৈতে এছিয়াৰ দেশসমূহৰ সম্পৰ্ক স্থাপনত উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ গুৰুত্ব সম্পৰ্কত আলোচনা কৰিবৰ বাবে।
আজিৰ বৈঠকখনত উত্তৰ-পূবৰ আটাইকেইজন মুখ্য মন্ত্ৰী উপস্থিত আছিল। বৈঠকৰ পৰা ওলাই সংবাদ মাধ্যমক নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই কয়, “এক্ট ইষ্ট পলিচি বিষয়টোত আলোচনা কৰিবলৈ উত্তৰ-পূবৰ আটাইকেইজন মুখ্য মন্ত্ৰীক সাঙুৰি এই সভাখন অনুষ্ঠিত কৰা বাবে সুষমা স্বৰাজজীক মই ধন্যবাদ দিছো।”
উল্লেখযোগ্য যে মন্ত্ৰ্যালয়টোৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজজী মে’ ১০ আৰু ১১ তাৰিখে দুদিনীয়া ভ্ৰমণসূচী লৈ ম্যানমাৰলৈ যাব।
এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ম্যানমাৰৰ নেতাসকলৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনা কৰাৰ লগতে আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বহুদিশীয় বিষয়ক লৈ আলোচনাত মিলিত হ’ব। লগতে বিগত বছৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ সময়ত দুই পক্ষই লোৱা সিদ্ধান্তবোৰৰো পৰ্য্যালোচনা কৰা হ’ব।
“আমাৰ দ্বিপাক্ষিক স্বাৰ্থ থকা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা আৰু চুক্তি হোৱাটো আশা কৰা হৈছে, য’ত ৰহিঙীয়াৰ বিষয়টোৱেও স্থান পাব পাৰে।” মুখপাত্ৰজনে কয়।