পুনৰ পল্টনবজাৰস্থিত গুৱাহাটী ৰে’ল ষ্টেচনত মঙলবাৰে জি আৰ পিয়ে অভিযান চলাই নগদ ৭০ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে। এই বৃহৎ পৰিমাণৰ টকা খিনি নামনিমুৱা আনন্দ বিহাৰ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ হয়। ত্ৰিপুৰাৰ উত্তম কুমাৰ শ্বাহ আৰু জৱাহৰ দেৱনাথ নামৰ ব্যক্তি দুজনে এই ধনখিনি কঢ়িয়াই আনিছিল। এই লোক দুজনে বৃহৎ পৰিমাণৰ টকাখিনি আগৰতলাৰ পৰা দেওধৰলৈ নিয়াৰ বাবে আনিছিল বুলি জি আৰ পিৰ আগত ব্যক্ত কৰে। আনহাতে আৰক্ষীয়ে লোক দুজনক আটক কৰি জেৰা অব্যাহত ৰখা বুলি জনাইছে। তদুপৰি জব্দ হোৱা টকাখিনি ৰে’ল আৰক্ষীয়ে আয়কৰ বিভাগক গটাই দিয়ে।
উল্লেখযোগ্য যে যোৱা ডিচেম্বৰৰ ১০ তাৰিখেও ৰেলৱে আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ১.৬০ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। কোনো দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধুলি দি বিভিন্নধৰণৰ মুল্যবান সামগ্ৰী অবৈধ ভাৱে সৰবৰাহ কৰি আহিছে যদিও তাৰ মাজতে ৰেলৱে আৰক্ষীয়ে দেখুওৱা তৎপৰতাত বহুতকে আটক কৰিবলৈ সক্ষম হোৱাৰ উপৰি বিভিন্ন মুল্যৱান সামগ্ৰী জব্দ কৰিবলৈও সক্ষম হৈছে।