NORTHEAST NOW (Assamese)

গোলোকীয় উষ্ণতা ৰোধ কৰাৰ বাবে বৃক্ষ ৰোপন কাৰ্যসূচী মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰীৰ

May 25, 2018 9:01 pm · সভাপতি চামম

শুকুৰবাৰে মণিপুৰৰ বন আৰু পৰিৱেশ আৰু উদ্যানশস্য আৰু ভূমি সংৰক্ষণ মন্ত্ৰী থৌনাওজাম শ্যামকমাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ টেংনৌপাল জিলাৰ অন্তৰ্গত টীনুমনজাং গাঁৱলৈ ভ্ৰমণ কৰাৰ সময়ত গোলোকীয় উষ্ণতা ৰোধ কৰাত সহযোগ কৰিবলৈ ৰাজ্যখনৰ জনসাধাৰণলৈ আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্য মন্ত্ৰীৰ ‘গাঁৱলৈ যোৱা, পাহাৰলৈ যোৱা’ অভিযানৰ অন্তৰ্গত ৰাজ্যজোৰা বৃক্ষ-ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে তেওঁৰ বিভাগটোৱে স্থানসমূহ চিনাক্ত কৰিছে। তেওঁ আৰু কয় যে ৰৃক্ষ-ৰোপণৰ বিকাশ নিৰীক্ষণ কৰাৰ বাবে আধুনিক প্ৰযুক্তিৰ সহায় লৱা হ’ব।

মন্ত্ৰীগৰাকীয়ে কয় যে বৃক্ষ ৰোপণৰ অভিযানত ভিডিঅ’  কেমেৰা ব্যৱহাৰ কৰা হ’ব আৰু ভূ-নিৰূপণ (Geo Tracking) ব্যৱস্থাৰ সহায় লোৱা হ’ব। বন আৰু পৰিৱেশ আৰু উদ্যানশস্য আৰু ভূমি সংৰক্ষণ বিভাগে ৰাইজৰ সহযোগত এই সৰ্বাত্মক বৃক্ষ ৰোপণ কাৰ্যসূচী সমগ্ৰ ৰাজ্যতেই ৰূপায়ণ কৰিব।

এই কাৰ্যসূচীয়ে গোলোলকীয় উষ্ণতা কমোৱাত সহায় কৰিব বুলি মন্ত্ৰগৰাকী আশাবাদী।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বেলেগ বেলেগ বৃক্ষৰ উপৰিও এই অভিযানত নগদী শস্যও ৰোপন কৰা হ’ব। ইলাচি, কাজু, কমলা,লিচু, য়ংচাক আদি নগদী শস্যৰ মাজে মাজে অগৰুৰ পুলিও ৰোপণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে।

বিভাগটোৱে অগৰু ৰোপণ কৰাৰ বাবে জিৰবাম, কামজং টেংনৌপলৰ দৰে উপযুক্ত স্থানৰ সন্ধান পাইছে।আনহাতে কাজুৰ খেতি কৰা বাবে টীনুমুনজাং গাঁও (টেংনৌপল)উপযুক্ত স্থান। তেওঁ আৰু কয় যে কামজং আৰু সেনাপতি কিৱি খেতিৰ বাবে আৰু উৰুখুল এভোকেডোৰ বাবে উপযুক্ত স্থান।

তেওঁ আৰু কয় যে এডাল অগৰু গছ পৰিপক্ক হোৱাৰ বাবে ৭-৮ বছৰ সময় লয়। এডাল অগৰু গছৰ পৰা কৃষকে ৫০ হাজাৰৰ পৰা ১.৫ লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰে। তেওঁ আৰু কয় যে গছ সমবহৰ প্ৰতিপালন কৰাৰ বাবে কৃষকসকলক পুৰস্কৃত কৰা হ’ব।

Related News