• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰা জিলাৰ দুধনৈ নদীৰ ওচৰত তিনি হাজাৰ বছৰ পুৰণি সংস্কৃতিৰ চিন উদ্ধাৰ

ভৱেশ মেধি by ভৱেশ মেধি
June 9, 2018 9:13 pm
BoomBooti_2

অসম-মেঘালয় সীমাৱৰ্তী, গোৱালপাৰা জিলাৰ দুধনৈ নদীৰ ওচৰৰ বামবুটী নামৰ ঠাইডোখৰত উদ্ধাৰ হোৱা প্ৰাচীন মৃৎপাত্ৰৰ অৱশেষ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগে শেহতীয়াভাৱে অসম-মেঘালয় সীমান্তত ক্ষেত্ৰ অধ্যয়নৰ সময়ত প্ৰায় তিনি হাজাৰ বছৰ পুৰণি মৃৎপাত্ৰ আৱিষ্কাৰ কৰি অঞ্চলটোৰ নৃতাত্ত্বিক বিজ্ঞানৰ ক্ষেত্ৰখনৰ এক নতুন দিশ মুকলি কৰিছে। জানিব পৰামতে, বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ এটা দলে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে বামবুটী নামৰ ঠাইত নৱপ্ৰস্তৰ যুগৰ সংস্কৃতিৰ সন্ধান পাইছে। এই বামবুটী নামৰ ঠাইডোখৰ অসম-মেঘালয় সীমাৱৰ্তী, গোৱালপাৰা জিলাৰ দমৰাৰ সমীপৰ দুধনৈ নদীৰ ওচৰত অৱস্থিত।

নৃতত্ত্ব বিভাগৰ অধ্যয়নকাৰী দলটোৱে তাত নৱপ্ৰস্তৰ যুগৰ সময়ত পিঠা-পনা আৰু ভাত প্ৰস্তুত কৰাৰ প্ৰাচীন মৃৎপাত্ৰ উদ্ধাৰ কৰিছে। এই মৃৎপাত্ৰসমূহ ৩০০০ বছৰ পুৰণি বুলি ইতিমধ্যে ডেৰাডুনৰ ৱাডিয়া ইন্ষ্টিটিউট অব হিমালয়ন জিঅ’লজিৰ  Luminescence dating laboratory- এ ৩২২৬ বছৰ পূৰ্বৰ বুলি নিৰ্ণয় কৰিছে।

Apply Now

নৃতত্ত্ব বিভাগৰ অধ্যাপক আব্দুল্লাহ আলী আশ্ৰফৰ নেতৃত্বত চলোৱা এই ক্ষেত্ৰ অধ্যয়নত গৱেষিকা অনামিকা গগৈ দুৱৰা আৰু ৰীতা ডেকাৰ লগতে বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগৰ কেইবাগৰাকী শিক্ষাৰ্থীয়ে সহায় কৰিছে। এই সন্দৰ্ভত অধ্যাপক আব্দুল্লাহ আলী আশ্ৰফে কয় যে নৃতত্ত্ব অধ্যয়নৰ নিয়ম অনুসৰি বামবুটীৰ অৰণ্যৰ মাজত এক হেলনীয়া অঞ্চলত খনন চলোৱা হৈছিল। তেওঁ কয় যে এই ঠাইখিনি  নৱপ্ৰস্তৰ যুগত অধিবাসীয়ে ব্যৱহাৰ কৰা চুৱাপাতনি।

পৰিত্যক্ত আৱৰ্জনাৰে ভৰা গাঁতটোত খনন কৰি ঘঁহি-পিহি মসৃণ কৰা শিলৰ অস্ত্ৰ আৰু মাটিৰ পাত্ৰ তথা এঙাৰ পোৱা গৈছে। তেওঁ কয়, “শৈলাস্ত্ৰৰ সৈতে উদ্ধাৰ হোৱা মাটিৰ পাত্ৰবোৰৰ আকৃতিগত আৰু কৌশলগত বৈশিষ্ট্যই অঞ্চলটোত ৩০০০বছৰ পূৰ্বেই নৱপ্ৰস্তৰ যুগত এটা বিশেষ স্থানীয় সংস্কৃতিৰ উন্মেষ ঘটা বুলি প্ৰমাণ কৰে আৰু লগতে সংস্কৃতি নিৰ্মাণৰ বাবে উত্তৰ-পূব ভাৰতে সদায় বাহিৰৰ অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰা বুলি থকা সিদ্ধান্ত সত্য নহয় বুলি প্ৰমাণ দাঙি ধৰিছে।” অধ্যাপক আলীয়ে জনায় যে খনন কাৰ্যত বহু পৰিমাণৰ শাণ শিল উদ্ধাৰ কৰা হৈছে। অঞ্চলটোৰ ভূ-প্ৰাকৃতিক বিজ্ঞান আৰু তাত পোৱা সমলসমূহে বামবুটি  অৰণ্যৰ পৰা শস্য সংগ্ৰহ কৰি বা শস্য উৎপাদনৰ প্ৰাথমিক স্তৰত থকা নৱপ্ৰস্তৰ যুগৰ লোকৰ আৱাসভূমি আছিল বুলি স্পষ্টভাৱে প্ৰমাণ কৰিছে।

তেওঁ প্ৰকাশ কৰে যে অধ্যয়নৰ জৰিয়তে এই কথা নিশ্চিত হোৱা গৈছে যে পিঠাগুড়িৰ পৰা প্ৰস্তুত কৰা পিঠাৰ প্ৰচলন মাথোঁ অসমতে নহয়, সমগ্ৰ দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ ভিতৰতে প্ৰাচীনতম। প্ৰকাৰ আৰু প্ৰস্তুতকৰণৰ কৌশল অনুযায়ী বামবুটীত পোৱা একেধৰণৰ মাটিৰ পাত্ৰ এতিয়াও অসমত অপৰিৱৰ্তিত ৰূপত প্ৰচলিত হৈ আছে। উল্লেখ্য যে অধ্যয়নকালত তাত পোৱা কিছুমান মাটিৰ পাত্ৰ এতিয়াও অসমৰ একাংশ জনগোষ্ঠীয়ে পূজা-পাৰ্বণত ব্যৱহাৰ কৰে। নৃতত্ত্ব বিভাগৰ অধ্যয়নকাৰী দলটোৰ সূত্ৰই কয় যে, বামবুটীৰ সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈ বিশদ অধ্যয়নৰ প্ৰয়োজন আছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd