গৰৈমাৰীত ৰঙালীক ৰাঙলীত পৰিণত কৰিলে অগপ-বিজেপিৰ সদস্যৰ খণ্ডযুদ্ধই

AGP_BJP

ৰাজ্যৰ শাসনত থকা প্ৰধান দল দুটাৰ মাত শক্তি প্ৰদৰ্শন আৰু ক্ষমতাৰ যুঁজ তলে তলে চলি থাকিলেও ৰঙালী বিহুৰ সময়ছোৱাত নিশ্চয় দলীয় কথাৰ ঊৰ্ধ্বত আছে সকলো ৰাজনৈতিক দলৰ নেতাসকল। কিন্তু ইয়াৰ ব্যতিক্ৰম দৃশ্য দেখা গ’ল দক্ষিণ কামৰূপৰ গৰৈমাৰী টপাৰপথাৰত৷

বিহুৰ মাজতে এটা বজাৰগৃহৰ অবৈধ দখলক লৈ বিজেপি আৰু অগপৰ দুটা গোটৰ মাজত আৰম্ভ হোৱা সংঘাতে পিছত সংযমহীন ৰূপ ধৰি মাৰপিটত পৰিণত হয়। ফলত ৰঙালী বিহু হৈ পৰিল ৰাঙলী। খণ্ডযুদ্ধৰ ফলত দুয়োটা পক্ষৰ ১৭ জনকৈ লোক আহত হয়।

ইয়াৰে ৪ জনৰ অৱস্থা গুৰুতৰ। গুৰুতৰভাৱে আহতকেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ৰঙালী বিহুৰ সময়তো ৰাজনীতি আৰু সংঘাতৰ পৰা আঁতৰি থাকিব নোৱৰা বাবে অঞ্চলটোৰ সচেতন নাগৰিকসকলে সংঘাতত লিপ্ত দুয়োটা দলৰ সদস্যসকলক গৰিহণা দিছে।