চামগুৰিত সাৰদা সংগীত কানন-কলাগুৰু সংগীত বিদ্যালয়ৰ কৰ্মশালাৰ সামৰণি

নগাঁও জিলাৰ চামগুৰিত অনুষ্ঠিত কেইবাদিনযোৰা অসমীয়া সুৱদি গীত আৰু চিৰসেউজ অসমীয়া আধুনিক গীতৰ কৰ্মশালা আজি সফল পৰিসমাপ্তি ঘটে।

উল্লেখযোগ্য যে চামগুৰিস্থিত সাৰদা সংগীত কানন শিক্ষানুষ্ঠানে ২ জুলাইৰ পৰা ৯ জুলাইলৈকে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কৰ্মশালাৰ আয়োজন কৰিছিল।

আনহাতে আজিৰ সামৰণি অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া আৰু সম্পাদক প্ৰাণজিৎ বৰা, শিক্ষাবিদ দুৰ্লভ মহন্ত, প্ৰদীপ কুমাৰ  দাস, হৰকান্ত  বৰা, কৰ্মশালাৰ প্ৰশিক্ষক  শিল্পী ক্ৰমে  সীমান্ত কাকতি, যজ্ঞ বেজবৰুৱা, সীমা সবিতা দাস আদি লোক সকল।

উক্ত অনুষ্ঠানটোৰ আঁত ধৰে সংগীত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ প্ৰশান্ত গোস্বামীয়ে।

আনহাতে চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত পাঁচ জুলাইৰ পৰা ন জুলাইলৈকে কলাগুৰু সংগীত বিদ্যালয়ৰ ব্যৱস্থাপনাত অনুষ্ঠিত অসমীয়া সুৱদি গীতৰ কৰ্মশালাৰ  আজি সামৰণি অনুষ্ঠানত সংগীত প্ৰেয়সী জয়মতী নাৰ্জাৰি, নগাঁও  সুৰ সাধনা সংগীত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী  সুৱাগ মনি মহন্ত, শিল্পী ক্ৰমে ড0 অনিমা চৌধুৰী,  সূৰ্য গোস্বামী, নয়ন জ্যোতি শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

সংগীত বিদ্যালয়খনৰ সম্পাদক নীলোৎপল গায়ন আৰু সমাজ সেৱক পাৰ্থপ্ৰতীম হাজৰিকাই আঁত ধৰা অনুষ্ঠানত শিক্ষাৰ্থী সকলেও গীত পৰিৱেশন কৰে।