চিপজৰী লৈ গুৱাহাটীৰ আইআইটিৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ আত্মহত্যা

iitg-678x381

গুৱাহাটী আইআইটিৰ এজন ২৫ বছৰীয়া ঠিকাভিত্তিক কৰ্মচাৰীয়ে সোমবাৰে নিশা ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰিছে। কৰ্মচাৰীজনে নিজৰ থকা কোঠাৰ ভিতৰত আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে।

আৰক্ষী বিষয়াসকলে জানিবলৈ দিছে যে কিশোৰ বৰুৱা নামৰ কৰ্মচাৰীজনৰ মৃতদেহটো প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ চৌহদত থকা তেওঁৰ কোঠাৰ ভিতৰত  চিলিং ফেনৰ পৰা ওলমি থকা অৱস্থাত পোৱা গৈছিল।

কিশোৰে প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ মানস হোষ্টেলত ঠিকাভিত্তিক ৰান্ধনি হিচাপে কৰ্মৰত আছিল। মৃত কিশোৰ বৰুৱাৰ ঘৰ হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত খেহেনিপাৰা গাঁৱত।

উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন মোহনে নৰ্থ-ইষ্ট নাওৰ আগত কৈছে, ‘‘ঘটনাটো সোমবাৰে নিশা প্ৰায় ১০ মান বজাত ঘটিছিল। আমাক ঘটনাটো ঘটাৰ বহু পাছত খবৰ দিয়া হৈছিল। আমি মৃতদেহটো কৰ্মচাৰীজনৰ ৰুমৰ চিলিঙ ফেনৰ পৰা ওলমি থকা অৱস্থাত দেখা পাইছিলোঁ।

মোহনে কৈছে যে কোঠাটোত কোনো আত্মহত্যাৰ টোকা পোৱা নাই।তেওঁ আত্মহত্যা কৰাৰ কাৰম এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে কিশোৰৰ মৃতদেহোট মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে ২০১৬ চনত পশ্চিম বংগৰ মুৰশ্বিদাবাদৰ পৰা অহা ইন্তেখাব আলম নামৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ এজনক  গুৱাহাটী আইআইটিৰ চৌহদত থকা তেওঁৰ ছাত্ৰাৱাসৰ কোঠাত ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰা অৱস্থাত দেখা পোৱা গৈছিল।

তাৰোপৰি, ২০১৪ চনত গুৱাহাটী আইআইটিৰ এজন অণুবিদ্যুৎ আৰু যোগাযোগ আভিযান্ত্ৰিক বিভাগৰ এজন ছাত্ৰক তেওঁ থকা তিনি মহলীয়া ছাত্ৰাৱাসটোৰ পিছফালে মৃত অৱস্থাত পোৱা গৈছিল। আৰক্ষীৰ মতে হাৰিয়ানাৰ গুৰগাঁৱৰ ১৯ বছৰীয়া ছাত্ৰজনে ছাত্ৰাৱাসটোৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল।

গুৱাহাটীস্থ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোত এতিয়ালৈকে ৬টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে।