ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ উদ্যোগত অহা ২০ এপ্ৰিলত সমগ্ৰ দেশৰ লগতে বি টি এ ডিৰ চিৰাং জিলাতো উজ্বলা দিৱস পালনৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।
যোৱা ১৪ এপ্ৰিলত এক সংবাদমেল যোগে ভাৰতীয় তেল নিগমৰ জ্যেষ্ঠ প্ৰবন্ধক অৰুণ কুমাৰ সাক্সেনা(এল পি জি চেলছ, গুৱাহাটী) আৰু আঁচনিখনৰ চিৰাং জিলা নডেল অফিচাৰ বি এন দাসে প্ৰধান মন্ত্ৰী উজ্বলা আঁচনি সন্দৰ্ভত সকলো কথা সাংবাদিকক সদৰী কৰে।
দুয়োজন বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, সমগ্ৰ ভাৰতবৰ্ষত আঠ কোটি দুখীয়া পৰিয়ালক বিনামূলীয়া এল পি জি সংযোগৰ উদ্দেশ্য আগত ৰাখি গ্ৰহণ কৰা এই আঁচনিৰ অধীনত বি টি এ ডিৰ চিৰাং জিলাখনতো ৩৯,৭৮২ টা নতুন সংযোগৰ লক্ষ্য ৰখা হৈছে। ইয়াৰে চলিত বছৰৰ ৩১ মাৰ্চলৈ ২৩,৮২৬ টা পৰিয়াললৈ এই আঁচনিৰ অধীনত সংযোগ দিয়া হৈছে।
ইফালে ২০ এপ্ৰিলৰ উজ্বলা দিৱসৰ দিনাখন জিলাখনৰ সাতটা পঞ্চায়ত ক্ৰমে বাসুগাঁও, বাতাবাৰী, উলুবাৰী (ভাৰতীয় তেল নিগমাধীন), কাজলগাঁও, বিজনী, ৰুণীখাতা আৰু কয়লা ময়লাৰ (হিন্দুস্থান পেট্ৰ’লিয়াম কৰ্পৰেশ্যন অধীন) প্ৰতিটোতে পাঁচশ মহিলাৰ অংশগ্ৰহণেৰে এখন ৰাজহুৱা সভাৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস কৰা হ’ব।
ইয়াৰ উপৰি প্ৰতিটো পঞ্চায়ততে কমেও এশগৰাকী মহিলাক নতুন এল পি জি সংযোগৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰী কৰাৰ লগতে সকলো পৰিয়ালকে এই আঁচনিৰ অধীনত সুফল লাভ কৰিবলৈ সংবাদমেল যোগে বিষয়াদ্বয়ে আহ্বান জনায়।