চাওতাল জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে শনিবাৰে ওদালগুৰি জিলাত চাওতাল ছাত্ৰ সন্থাই বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰে। সুদীৰ্ঘ কাল নায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰি অহা চাওঁতাল জনগোষ্ঠীৰ লোকসকলক কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ শনিবাৰে গণ সমাবেশ অনুষ্ঠিত কৰি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে নেতাসকলে।
চাওতালসকলক জনজাতিকৰণৰ বাবে উভয় চৰকাৰে প্ৰতাৰণা কৰি অহাৰ লগতে নিৰ্যাতিত, শোষিত আৰু চৰকাৰী সা-সুবিধাৰ পৰা জনগোষ্ঠীটো বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে জনগোষ্ঠীটোৰ নেতৃত্বই।
শনিবাৰৰ গণ সমাবেশত অসমৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰে৷ আত্ম-সন্মান, নিৰাপত্তা, শোষিত, নিৰ্যাতিত আৰু বঞ্চিত চাওঁতাল জনগোষ্ঠীক জনজাতিকৰণ কৰা, অসমৰ ভূমিপুত্ৰ চাওঁতালসকলক ভূমি আইন ১৮৮৬ ৰূপায়ণ কৰি ভূমি সংৰক্ষণ কৰা, বনাঞ্চলত বাস কৰা চাওঁতালসকলক বনাঞ্চল নিবাসী আইন ২০০৬ ৰ অধীনত ভূমি অধিকাৰ প্ৰদান কৰা, প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শীঘ্ৰে চাওতালী শিক্ষক আৰু বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰাৰ দাবী উত্থাপন কৰে নেতৃবৃন্দই।
ওদালগুৰি জিলাৰ মনপুৰত বিটিএডিৰ ওদালগুৰি, বাক্সা আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত আয়োজন কৰা গণ সমাবেশত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাসমূহ দাঙি ধৰে সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মিণ্টু হেমব্ৰমে।
তেওঁ চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ ফলত চাওতালসকল সকলো দিশত পিছপৰি থকা বুলি অভিযোগ উত্থাপন কৰি শীঘ্ৰে জনজাতিকৰণৰ কৰাৰ দাবী জনায়।তেওঁ লগতে দাবী পুৰণ নহ’লে তীব্ৰ জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধাচৰণ কৰি ছাত্ৰ নেতাগৰাকীয়ে চৰকাৰক এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায়।