চৰকাৰ সলনি হ’ল, কিন্তু কৃষি বিভাগে যোগান ধৰা ধানৰ বীজৰ পৰা পতান ওলোৱাটো এতিয়াও সলনি নহ’ল। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত কৃষি বিভাগে যোগান ধৰা ধানৰ বীজৰ পৰা কৃষকে কষ্টৰ মূৰত পতান লাভ কৰা কাহিনীৰ ধাৰাবাহিকতা এই চৰকাৰৰ দিনতো চলি আছে।
শেহতীয়াকৈ নৰ্থ-ইষ্ট নাওৰ অনুসন্ধানমূলক প্ৰতিবেদনত বৰপেটা জিলাৰ কেইবাজনো কৃষকে চৰকাৰী ধানৰ পৰা কঠীয়া ৰুই ধানৰ ঠাইত পতাল লাভ কৰাৰ তথ্য প্ৰকাশ হৈছিল। এতিয়া জানিব পৰা গৈছে যে আৰু কেইবা ঠাইতো একেই হাতাশাজনক ফল পাইছে ৰাজ্যৰ আশাত বন্দী কৃষকে। অৰ্থাৎ এই পৰিস্থিতিটোৰ কোনো পৰিৱৰ্তন হোৱা নাই।
আজি নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা কৃষি মন্ত্ৰী অতুল বৰাক যোগাযোগ কৰাত মন্ত্ৰীজনে জানিবলৈ দিয়ে যে তেওঁ ইয়াৰ তদন্ত দিছে। তদন্তৰ পিছত আচল কেৰোণ ক’ত ক’ব পৰা যাব।
মন কৰিব লগীয়া কথাটো হ’ল তেওঁ নিজ মুখেই স্বীকাৰ কৰিছে যে কেইবা ঠাইতো ধানৰ ঠাইত পতান উৎপাদন হোৱাটো সঁচা। “হয় মই আজি নিজেই হাজোৰ এখন পথাৰত উপস্থিত হৈ ধানসমূহ পৰিদৰ্শন কৰিছিলো আৰু দেখিছো যে কেইবা ঠাইতো এই উচ্চ হাৰৰ উৎপাদন দিয়া (হাই য়েলডিং) সঁচবোৰে পতানহে দিছে। ইয়াৰ কেইবাটাও প্ৰজাতি আমি কৃষকক দিছিলো। আটাইবোৰতে পতান হোৱা নাই। কিন্তু কেইবা ঠাইতো হৈছে। হোজাইৰ উপৰিও আন কিছুমান ঠাইতো হৈছো।” মন্ত্ৰীজনে নৰ্থ-ইষ্ট নাওক ফোনত কয়।
তাৎপৰ্য্যপূৰ্ণভাৱে মন্ত্ৰীজনে এইবোৰ পৰীক্ষামূলকভাৱেহে কৰিবলৈ দিয়া হৈছিল বুলি কয়। কিন্তু প্ৰশ্ন হয় যে কৃষকৰ বছৰৰ শ্ৰমৰ মূল্য কোনে দিব? লগতে এবছৰৰ বাবে উৎপাদনৰ ক্ষেত্ৰত কৃষকজনে সন্মুখীন হোৱা লোকচানৰ কথাটোও আছে।
আনহাতে মন্ত্ৰীজনে কয়, “আজি মই এই বিষয়টো কৃষি বিভাগৰ সচিব বিনোদ ছেচানক তদন্তৰ দ্বায়িত্ব দিছো।”
ইয়াৰ বাবে জগৰীয়া প্ৰকৃততে কোন বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, “যিহেতু বিষয়টো তদন্ত কৰিবলৈ দিছো, গতিকে এতিয়াও একো নকওঁ। তদন্তত সকলো ওলাই পৰিব আৰু সেইমতে ব্যৱস্থা লোৱা হ’ব।
উল্লেখযোগ্য যে কৃষি বিভাগে যোগান ধৰা বৰ্ণসংকৰ বীজৰ পৰা খেতি কৰি বৰপেটা জিলাৰো কেইবাজনো দুৰ্ভগীয়া খেতিয়কে পতান লাভ কৰিছে। কৃষি বিভাগে যোগান ধৰা ‘চি আৰ এইচ আৰ-৫’ নামৰ হাইব্ৰিড ধানৰ বীজ জিলাখনৰ বিভিন্ন পঞ্চায়ত এলেকাৰ গাঁওসমূহৰ নিৰ্বাচিত কৃষকৰ মাজত বিতৰণ কৰা হৈছিল যদিও অধিক সংখ্যক ধান নাপালে, পতানহে পালে।