জখলাবন্ধা আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ চোৰাংচিকাৰী

ৰাজ্যখনত ক্ৰমান্ৱয়ে চোৰাংচিকাৰীৰ উপদ্ৰৱ বৃদ্ধি পাই অহাৰ সময়তে  তিনিজনকৈ চোৰাংচিকাৰী আটক হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে আজি জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰাই এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই তিনিজনকৈ দুৰ্ধৰ্ষ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰাংচিকাৰী কেইজন হ’ল ডিমাপুৰৰ চুপাৰ মাৰ্কেটৰ জন থাং ওৰফে থাংবৈ, মিজোৰামৰ বেইহাং থানা এলেকাধীন চামবৈ থাং, আনজন ধৃত চোৰাংচিকাৰী কাজিৰঙাৰ সমীপৱৰ্তী কুঠৰী নজানৰ মকবুল হুছেইন। আনহাতে তিনিওকে জখলাবন্ধা থানাৰ কেচ নং Case No. 135/17 U/S 120(B) 447/429/376 IPC
R/W Sec 51(I) WLP Act ৰ অধীনত গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বুলি জখলাবন্ধা আৰক্ষীয়ে জানিবলৈ দিয়ে।