জাতিংগা-হাফলং দুইলেন যুক্ত ঘাইপথ নিৰ্মাণৰ নামত পাৰ্বত্য জিলাত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
উল্লেখযোগ্য যে মাথো ৭.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথ নিৰ্মাণৰ বাবে কেন্দ্ৰৰ ড’নাৰ মন্ত্ৰালয়ে ২০১১ চনত ২৫.৪৮ কোটি টকা মোকলাই দিছিল। উক্ত ঘাইপথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল চিমপ্লেক্স স’মদত্ত নামৰ এটা সংস্থায়।
যোৱা প্ৰায় সাত বছৰে উক্ত দুইলেন যুক্ত ঘাইপথৰ ৩০ শতাংশ কামো বৰ্তমানলৈকে সম্পূৰ্ণ হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে। যাৰ ফলত সচেতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ধৰ্ণা, অৱৰোধকে ধৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা সত্ত্বেও গা-লৰা নাই চৰকাৰৰ লগতে ঠিকাদাৰী সংস্থাৰ।
অবশ্যে যোৱা মাহত গড়কাপ্তানি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য হাফলং ভ্ৰমণত আহোতে ৰাইজৰ ফালৰ পৰা হাফলং জাতিংগা দুইলেন যুক্ত ঘাইপথৰ নিৰ্মাণ সম্পৰ্কত মন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰি ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবী জনায়।
আনহাতে ৰাইজৰ দাবিৰ প্ৰতি সঁহাৰি জনাই গড়কাপ্টানি মন্ত্ৰী গৰাকীয়ে লগে লগে ঘাইপথ নিৰ্মাণক লৈ তদন্তৰ কথা ঘোষণা কৰে। যিহেতু প্ৰায় ছাব্বিছ কোটিৰ ভিতৰত চিমপ্লেক্স নামৰ ঠিকাদাৰী সংস্থাটোৱে তেইশ কোটি টকা উঠাই লয়। ইয়াৰ বিপৰীতে ঘাইপথৰ অৱস্থাৰ কোনো ধৰণৰ উন্নতি হোৱা পৰিলক্ষিত হোৱা নাই।
গড়কাপ্টানি মন্ত্ৰী গৰাকীয়ে তদন্তৰ কথা ঘোষণা কৰাৰ পিছতে ৩০ জানুৱাৰিত ৰাজ্যপালৰ তৰফৰ পৰা বিভাগীয় অতিৰিক্ত মুখ্য বাস্তুকাৰ সামন্ত বেজবৰুৱাক তদন্তৰ দায়িত্ব দিয়া হৈছিল । কিন্তু পৰিতাপৰ বিষয় যে বেজবৰুৱা আজিলৈকে তদন্তৰ কাৰণে হাফলঙত উপস্থিত হোৱা নাই বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।
আনহাতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন ইএম হামজানন লাঙঠাচাই বিভাগীয় বিষয়াক বাদ দি উচ্চ পৰ্যায়ৰ নিৰপেক্ষ সংস্থাক তদন্তৰ দায়িত্ব দিবৰ বাবে দাবী জনায়।