• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিধ্বংসী বিধেয়ক অসমত জাপি দিব নোৱাৰিব : ৰাজপথত নগঞা ৰাইজৰ হুংকাৰ

মিন্টূ দাস by মিন্টূ দাস
June 6, 2018 10:29 pm
নগাঁওত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰৱল জনমতক আওকান কৰি একমাত্ৰ হিন্দু বাংলাদেশীৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত বিদেশীৰ বোজা অসমত জাপি দিব বিচৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক নগঞা ৰাইজ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন জাতীয় সংগঠন, বুদ্ধিজীৱী, শিল্পী-সাহিত্যিক, ছাত্ৰ-ছাত্ৰী আদিয়ে আজি জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথ কপাই তোলে।

Apply Now

নগাঁও চহৰৰ ডচন স্কুল খেলপথাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলে চহৰখনৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অৱস্থান কৰে। সমদলত অংশগ্ৰহণ কৰা প্ৰতিবাদী ৰাইজে জাতিধ্বংসী বিধেয়ক প্ৰত্যাহাৰ কৰক, অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে নগাঁৱৰ আকাশ-বতাহ কঁ‌পাই তোলে।

নাম-কীৰ্ত্তন, ডবা-শংখ বজাই ৰাজপথত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বিভিন্ন জাতীয় স‌ংগঠনে বিধেয়কখন শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

আজি নগাঁৱত এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা ৰাইজে একেমুখে হুংকাৰ দিয়ে যে, অসমীয়া জাতিৰ আৱেগ-অনুভূতিক অৱমাননা কৰা সহ্য কৰা নহয়। নিজৰ স্বাভিমান স্বাধিকাৰৰ ক্ষেত্ৰত অসমীয়া জাতীয়ে কেতিয়াও আপোচ নকৰে। দিল্লী-দিছপুৰৰ লগতে অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিব পৰাকৈ অসমীয়া জাতি সাজু।

সমদলত অংশগ্ৰহণ কৰা নগাঁৱৰ ৰাইজে কেন্দ্ৰীয় চৰকাৰক সৰ্তক কৰি দি কয় যে– শীঘ্ৰে জাতিধ্বংসী আৰু সাম্প্ৰদায়িক বিধেয়কখন বাতিল কৰক। অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি চৰকাৰে কাম কৰিব লাগিব। অন্যথা পৰিস্থিতি ভয়ংকৰ হ’ব। জাতি-মাটি-ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰখনে এই ক্ষেত্ৰত সঠিক দায়িত্ব পালন নকৰিলে, ৰাইজে ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তুলিব।

আনহাতে এই বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদকাৰীসকলে আৰু কয় -কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ জৰিয়তে ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধানৰ সমতা আৰু ধৰ্ম নিৰপেক্ষৰতাক সম্পূৰ্ণৰূপে জলাঞ্জলি দি ধৰ্মৰ ভিত্তিত বহিঃ ৰাষ্ট্ৰৰ পৰা লক্ষ লক্ষ বিদেশীক নাগৰিকত্ব প্ৰদানৰ যি চক্ৰান্তমূলক অভিসন্ধি ৰচনা কৰিছে তাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব অসম আৰু অসমীয়া।

এই সংশোধনী বিধেয়কখনৰ আচল স্বৰূপটো হ’ল– অসমৰ জনগাঁ‌থনি সলাই পেলাই ৰূপহী অসমৰ লোক সংস্কৃতি, আচাৰ,  ভাষা, কৃষ্টিক চিৰদিনৰ বাবে বিলুপ্তি ঘটোৱা আৰু স্বনিয়ন্ত্ৰণৰ হ’কে মাত মাতিব নোৱৰাকৈ খিলঞ্জীয়া অসমীয়াৰ প্ৰতিবাদৰ কণ্ঠ চিৰদিনৰ বাবে স্তব্ধ কৰি দিয়া।

তদুপৰি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰি কয় যে– অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সহিতে বৈধ সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বহু শোষণৰ বলি হোৱা আমাৰ ঐক্য তথা বৈচিত্ৰৰ কণ কঠীয়া মাৰিবলৈ এই বিধেয়কখনৰ বৰ্ষাকালীন লোকসভাত পাৰিত কৰি বহু লক্ষ বিদেশীক নিমন্ত্ৰণ জনোৱা কাৰ্যক আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছো।

অনস্বীকাৰ্য, ইতিমধ্যে অসমলৈ বংগমূলীয় মুছলমান সম্প্ৰদায়ৰ প্ৰব্ৰজনৰ ফলত অসমৰ বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জনগাঁ‌থনিৰ স্থায়ী পৰিবৰ্তন ঘটিল। ৮৫৫ জন শ্বহীদ আৰু কোটি কোটি অসমীয়াৰ ত্যাগৰ ফলত ঐতিহাসিক অসম চুক্তিৰ জৰিয়তে সকলোকে আঁ‌কোৱালি ল’লো। বিজেপি আৰু আৰ এছ এছে ধৰ্মৰ নামত অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচৰা কাৰ্যক আমি যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিবলৈ বাধ্য থাকিম।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা ট্ৰাইবেল সংঘ, তিৱা ছাত্ৰ সন্থা, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদ, অনুসুচিত জাতি ছাত্ৰ সন্থা, পানীখাটি আঞ্চলিক উন্নয়ন সমিতি, শিঙীয়া পোটনি সচেতন মহিলা মঞ্চ, পি আৰ ইউ আদিয়ে অংশগ্ৰহণ কৰে।

লক্ষ্যনীয় যে, আজিৰ এই কাৰ্যসূচীত পোনপ্ৰথমবাৰৰ বাবে নগাঁও বেঙ্গলী সন্মিলনীয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক জিতুল ৰাজখোৱাই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি ৰাইজক ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়।

কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় নেতা ক্ৰমে সৌৰভ দাস, প্ৰবীণ কুমাৰ দাস, প্ৰদীপ শ‌ইকীয়া, জিলা সমিতিৰ সভাপতি দ্বীপমণি বড়া, সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়া, শিল্পী গুণ মহন্ত, তিৱা ছাত্র সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছৰঙৰ লগতে অসীম ভাৱাল, ৰাণা বৰদলৈ আদিকে ধৰি বিভিন্নজনে ভাষণ প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে।

সমদলৰ অন্তত পৰিষদৰ নগাঁও জিলা সমিতিয়ে উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষলৈ বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd