• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতি বা ঠাইখন লৈ কথা নাই; মানুহৰ প্ৰতি মানুহৰ ভালপোৱা টুটি আহিছে : ডকমকাৰ ঘটনা সন্দৰ্ভত জুবিন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2018 6:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰিত অন্ধবিশ্বাসী মানুহৰ অকল্পনীয় নৃশংসতাত নীলোৎপল আৰু অভিজিতৰ মৃত্যু হোৱাৰ পিছৰ পৰিস্থিতি শান্তি-সম্প্ৰীতিৰ বিপৰীতে গতি কৰাৰ সময়তে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আগ বাঢ়ি আহিছে বৃহত্তৰ অসমৰ স্বাৰ্থত থিয় দিয়াৰ বাবে। আজি জুবিন গাৰ্গে আজি গুৱাহাটীৰ মাজমজিয়াৰ জজ ফিল্ডত মৌন প্ৰতিবাদত বহে। তেওঁৰ লগত তেওঁৰ অনুৰাগী তথা কিছুসংখ্যক অন্যান্য বিশিষ্ট নাগৰিক-শিল্পীয়েও অংশগ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে জুবিন গাৰ্গে কালিয়েই এই মৌন প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল। তেওঁ এই মৌন প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ সকলোকে নিজৰ ফেইচবুক একাউণ্টৰ জৰিয়তে আহ্বান জনাইছিল। তেওঁ এখন বৃহত্তৰ অসমৰ স্বাৰ্থত এয়া কৰা বুলি কমৰেডসকলক এই মৌন প্ৰতিবাদত যোগ দিবলৈ আহ্বান জনায়। তেওঁ লিখিছে, We wl protest today in a silent way. we wont talk. wl give our breath fr a greater assam. only our breath shud sound. join me at judges field at 4pm.bt no sound.wrap ur face n come fr th protest….comrades

Apply Now

আনহাতে তেওঁ নিজৰ ৱালত অসমীয়াতে এই সম্পৰ্কীয় আহ্বান সম্বলিত এটা দীঘলীয়া টোকাও দিয়ে। তাত তেওঁ লিখে-

“কাৰ্বি আংলঙৰ ডকমকাত যিটো ঘটনা সংঘটিত হ’ল, সেইটো বৰ দুৰ্ভাগ্যজনক। একবিংশ শতিকাৰ দ্বিতীয় দশকতো কেনেদৰে আমাৰ মানুহবোৰ অন্ধবিশ্বাসৰ দৰে অযুক্তিকৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে, সেয়া দেখি চিন্তাই হৈছে। ডেকা ল’ৰা দুজনক তেনেদৰে এজুম মানুহে আগ-গুৰি নভবাকৈ মৰিয়াই মৰিয়াই মাৰি পেলালে- সেয়া দৃশ্য কোনোবাই চাব পাৰিব জানো?

কিন্তু নীলোৎপল আৰু অভিজিতৰ লগত যিটো হ’ল সেইটো কাইলৈ আপোনাৰ বা মোৰ লগতো হ’ব পাৰে। এই ঘটনাটোক সকলোৱে এটা শিক্ষা হিচাপেই গ্ৰহণ কৰক। শিক্ষাৰ অভাৱ, অন্ধবিশ্বাস আৰু মূৰ্খতাৰ বাবেই ডেকা ল’ৰা দুটাৰ মৃত্যু হ’ল। লিখা-পঢ়া কৰি নিজৰ চহীটো মাৰিব পাৰিলেই কোনো শিক্ষিত হৈ নাযায়। শিক্ষিত হোৱা মানে চিন্তা কৰাৰ শক্তি আহৰণ কৰা। এনেকুৱা লাগে যেন স্কুল-কলেজ খুলি সেই মানুহবোৰক নাম লগোৱাৰ ব্যৱস্থা কৰা হৈছে যদিও কোনোবাই যেন তেওঁলোক পঢ়ি-শুনি স্বাধীন হোৱাটো বিচৰা নাই। ৰাস্তা-ঘাটবোৰো বেয়া। তেওঁলোকক আঁতৰাই ৰখা হৈছে। এই কথাবোৰৰ বিচাৰ হ’বই লাগিব।

ইফালে নীলোৎপল আৰু অভিজিতক কোবাই হত্যা কৰা দৃশ্য সম্বলিত ভিডিঅ’টোত এজন আৰক্ষী জোৱানকো দেখা বুলি কৈ কয়, এজন আৰক্ষী বিষয়াই ভিডিঅ’ ফুটেজ লৈ থকা দেখিছো। তেওঁৰ দায়িত্ব কি আছিল?” তেওঁ আকৌ লিখিছে—“জাতি বা ঠাইখন লৈ কথা নাই। মানুহৰ প্ৰতি মানুহৰ ভালপোৱা টুটি আহিছে -সেই পুলিচ বিষয়াজনেই তাৰ প্ৰমাণ।”

জুবিনে কয়, “ঘটনাটোৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহুতেই কাৰ্বি আংলং জিলাখনক বা বিশেষ এটা জনজাতিৰ লোকক আক্ৰমণ কৰিছে। এইটো বেয়া কথা। গুৱাহাটীত এনে ঘটনা বহুতকেইটা হৈছে। লক্ষ্মী ওৰাঙক বেলতলাত চোঁচৰাই চোঁচৰাই লৈ যোৱা হৈছিল। তেতিয়া গুৱাহাটীখন বৰ্বৰ আৰু অসভ্য হৈ গৈছিল নেকি? মই তেতিয়াও অপৰাধৰ বিৰুদ্ধে আৰু মানুহৰ জীৱনৰ সপক্ষে মাত মাতিছিলো। আজিও সেই কাৰণেই আঘাত পাইছো। অপৰাধক এটা সম্প্ৰদায় এটাৰ সৈতে সাঙুৰি মূল ইছ্যুৰ পৰা পলাই যাতে কোনো নাযায়—সেয়া আহ্বান জনাইছো।”

আন বহু কথাৰ লগতে জুবিনে শেষত সকলোকে আহ্বান জনাই লিখিছে —এই ঘটনাটোৰ পৰা আমি শিক্ষা লওঁ আহক। অন্ধবিশ্বাস, কুসংস্কাৰ, বিভেদৰ ৰাজনীতি, শিক্ষাৰ অভাৱ, বিবেকহীনতা –এই আটাইবোৰ সমস্যাৰ বিৰুদ্ধে চিন্তা কৰি সঠিক ৰাস্তা এটা বিচাৰিব লাগে।”

আনহাতে আজি মৌন প্ৰতিবাদৰ থলীত জুবিন আৰু তেওঁৰ লগত প্ৰতিবাদকাৰীসকলে দোষী কঠোৰতম শাস্তি দিয়াৰ দাবী তোলাৰ লগতে উক্ত দিনা ঘটনাস্থলীত উপস্থিত থাকিও নীৰৱ ভূমিকা লোৱা আৰক্ষী লোকজন আৰু ডকমকা থানাৰ অ’ চি আৰু জিলাখনৰ উপায়ুক্তক তৎকালে নিলম্বিত কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd