হোজাইৰ এখন ৰাজহুৱা সভাত যোৱা ৮ মে’ত প্ৰৰোচনামূলক মন্তব্য কৰাৰ পিছত থৰকাছুটি হেৰুৱাইছে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ডাঃ অৰ্ধেন্দু দে’ই। দে’ৰ মন্তব্য দলৰ ‘নীতিৰ বিৰুদ্ধে’ যোৱা বুলি অসম প্ৰদেশ কংগ্ৰেছে তেওঁলৈ আজি ৯ মে’ত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে আজি ৯ মে’ত নিজাববীয়াকৈ গোচৰ ( নং ৩২১/১৮) ৰুজু কৰি জাননী দিছে হোজাই ( Hojai ) আৰক্ষীয়ে।
কাইলৈ পুৱা ১০ বজাত থানাত হাজিৰ হোৱাৰ বাবে হোজাইৰ প্ৰাক্তন বিধায়কজনক আৰক্ষীয়ে নিৰ্দেশ দিছে।
অৰ্ধেন্দু দে’ৰ মন্তব্যৰ বিৰুদ্ধে আজি অসমজুৰি বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰতিবাদ কৰিছিল। আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমেও কংগ্ৰেছ নেতা দে’ক এনে মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰিছিল।
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানক লৈ ৰাজ্য উত্তপ্ত হৈ থকাৰ মাজতে ‘সাহস আছে যদি এজন বাঙালীৰ গাত হাত দি চাওক’ বুলি মন্তব্য কৰা ডাঃ অৰ্ধেন্দু দে’ৰ বিৰুদ্ধে দুৰ্নীতিবিৰোধী ঐক্যমঞ্চয়ো আজি গোলাঘাট থানাত গোচৰ তৰিছিল।
বুজনসংখ্যক হিন্দু বাঙালীৰ ভোট থকা হোজাই সমষ্টিত বৰ্তমানৰ বিজেপি বিধায়ক শিলাদিত্য দেবেও দীৰ্ঘদিনধৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰি আহিছে।
আনহাতে ‘সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য দিয়াৰ বাবে’ অৰ্ধেন্দু দে’ক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছিল এ’ আই দি ইউ এফৰ সভাপতি বদৰুদ্দিন আজমলে।
আনহাতে ‘২০ বছৰ আগৰ অসম নহয়, আমাৰ গাত হাত দি চাওক’ বুলি দে’ই কৰা মন্তব্য ‘কেঞ্চাৰ বেমাৰৰ নিচিনা’ বুলি মন্তব্য কৰিছে তাহানিৰ অগপ চৰকাৰৰ মন্ত্ৰী হাজী আব্দুল ৰৌফে।





