“কাৰোবাৰ সাহস আছে যদি এজন বাঙালীৰ ঘৰ জ্বলাই চাওক। এজন বাঙালীৰ গাত হাত দি চাওক ” –বিশ্বাস কৰিবলৈ টান লাগিলেও এয়া এজন প্ৰাক্তন জনপ্ৰতিনিধি, এজন প্ৰাক্তন মন্ত্ৰীৰ মন্তব্য। এই ধৰণৰ মন্তব্যৰে সমাজত সাম্প্ৰদায়িক বিষবাষ্প ছটিয়াব খোজা ব্যক্তিজন হ’ল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দে’। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোক লৈ ৰাজ্যখনত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী দে’ৰ উচটনিমূলক মন্তব্যই এতিয়া সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
যিখন সমাজত এজন প্ৰাক্তন মন্ত্ৰীয়ে এনেকুৱা উচটনিমূলক মন্তব্য কৰিব পাৰে, সেইখন সমাজত শান্তি-সম্প্ৰীতি-ঐক্যৰ ঠাই ক’ত বুলিও মন্তব্য কৰিছে সচেতন ৰাইজে।
উল্লেখযোগ্য যে ৮ মে’ত হোজাইত অসম নাগৰিক মঞ্চ নামৰ এটা অখ্যাত সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি এক প্ৰতিবাদী কাৰ্য্যসূচী লৈছিল। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি হোজাইৰ ৰাজপথতে প্ৰতিবাদকাৰীসকলক সন্মুখত লৈ লাউডস্পীকাৰত এনেকুৱা উচটনিমূলক মন্তব্য দি গৈছিল প্ৰাক্তন মন্ত্ৰীজনে।
তেওঁ অসমীয়া-বাঙালীৰ সংঘাত সৃষ্টি হ’ব পৰা আন বহুকেইটা বিতৰ্কতি তথা উচটনিমূলক মন্তব্যও দিয়ে। তেওঁ কয়, “পূৰ্বৰ অসমৰ পৰিস্থিতি বৰ্তমান অসমত নাই যে কোনোবাই মন গ’লেই বাঙালী সম্প্ৰদায়ক আক্ৰমণ কৰিব।”
আনহাতে, অখ্যাত সংগঠনটোৰ বিজয় চক্ৰবৰ্তী নামৰ সম্পাদকজনেও একেই উচটনিমূলক মন্তব্য দিয়ে।
বিজয় চক্ৰবৰ্তীয়ে অসমৰ আছু, কৃষক মুক্তি, আদি সংগঠনবোৰৰ নেতাসকলক বিদ্ৰূপ আৰু ইতিকিং কৰিও মন্তব্য দিয়ে। তেওঁ কয় যে আছুকে ধৰি অন্যান্য তথাকথিত জাতীয় সংগঠনৰ লগত অসমীয়া ৰাইজ নাই। থকা হ’লে কালিৰ পৰাই বাঙালীৰ ঘৰত জুই দিবলৈ পাৰিলেহেঁতেন এওঁলোকে। অসমীয়া মানুহ লগত নাই বাবে এনে কৰিবলৈ এওঁলোকৰ সাহস হোৱা নাই বুলি তেওঁ অগ্নিস্ফূলিংগ সদৃশ মন্তব্য কৰে।
তেওঁ ২০১৪ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ দাবী কৰাৰ লগতে বাঙালীসকল অসমৰ নাগৰিক হৈ থাকিব, ভাৰতৰ নাগৰিক হৈ ৰ’ব। বাঙালীক খেদিবলৈ কাৰো সাহস নাই বুলিও তেওঁ কয়।
মন কৰিব লগীয়া কথাটো হ’ল অসমত বাঙালী-অসমীয়াৰ সাম্প্ৰদায়িক সংঘাত-সংঘৰ্ষ সৃষ্টি কৰিব পৰা এই মন্তব্য কৰা বাবে, বিশেষকৈ এজন প্ৰাক্তন মন্ত্ৰীৰ পৰা এনে উচটনি অহাটোৱে হোজাইৰ লগতে ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে বিভিন্ন পক্ষই অৰ্ধেন্দু দে’ৰ এই মন্তব্যৰ গৰিহণা দিছে। কংগ্ৰেছে নিজকে দে’ৰ মন্তব্যৰ পৰা আঁতৰত ৰখা দেখা গৈছে। আনহাতে আলফা (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ডাঃ অৰ্ধেন্দু কুমাৰ দে’ক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে, তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনাইছে।