নগাঁও জিলাৰ মহিলাসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ অৰ্থে বি এম ক্ৰিয়েশ্যনে আয়োজন কৰা এক টেলেণ্ট কনটেষ্ট ”মিছেছ নগাঁও” খিতাপ অৰ্জন কৰিছে ধিঙৰ কৃষ্ণা নাথ বৰাই। দেওবাৰে নিশা নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত ”মিছেছ নগাঁও”ৰ ফাইনেলত কৃষ্ণা নাথ বৰাই চূড়ান্ত খিতাপ অৰ্জন কৰাৰ বিপৰীতে ঝুমা মেধিয়ে প্ৰথম ৰাণাৰ্ছ আপ আৰু কল্যাণী ভূঞাই দ্বিতীয় ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰে।
ইয়াৰ উপৰি ডেইজী বৰাই মিছেছ টেলেণ্টেড, ৰীতা বৰদলৈ বৰাই মিছেছ ম’ষ্ট পপুলাৰ, কৃষ্ণা নাথ বৰাই মিছেছ বিউটিফুল স্মাইল, লীমা দেৱ ৰয়ে মিছেছ হিউমিনিটি, মালৱিকা শৰ্মা মহন্তই মিছেছ পাৰ্চনেলিটি, মনজ্যোতি দেৱীয়ে মিছেছ প্ৰেজেণ্টেবল, লোনা খানে মিছেছ বিউটিফুল হেয়াৰ, নৱনিতা বৰুৱাই মিছেছ ফটোগ্ৰাফী খিতাপ অৰ্জন কৰে।
একেদৰে এই প্ৰতিযোগিতাত কল্যাণী ভূঞাই মিছেছ বিউটিফুল স্ক্ৰীণ, স্মৃতিৰেখা কলিতা বৰুৱাই মিছেছ ম’ষ্ট ষ্টাইলিছ, ৰশ্মিৰেখা দাসে মিছেছ বিউটিফুল আইচ, ঝুমা মেধিয়ে মিছেছ ইন্সপ্ৰাৰেশ্যন, চন্দ্ৰিমা দাস মেধিয়ে মিছেছ ভয়চ অৱ নগাঁও, লীমা দেৱ ৰয়ে মিছেছ কিটচেন কুইন আৰু পিংকি হাজৰিকা গগৈয়ে মিছেছ লাভেবুলৰ চাব টাইটেলৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।
এক প্ৰেছ বিজ্ঞপ্তি যোগে বি এম ক্ৰিয়েশ্যনৰ হৈ বন্দনা কলিতা আৰু মণিকা ৰয়ে এই কথা জানিবলৈ দি কয় যে এই প্ৰতিযোগিতাত ৰন্ধন প্ৰতিযোগিতা, আল্পনা অঁকা প্ৰতিযোগিতা, বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা, প্ৰশ্নোত্তৰ শিতান আদি প্ৰতিযোগিতাও সন্নিৱিষ্ট হৈ আছিল।
বিশিষ্ট পৰিচালক মানৱেন্দ্ৰ অধিকাৰী, মিছেছ আৰ্থ ইউনিভাৰ্চ কিৰণ বড়ো আৰু শিক্ষয়িত্ৰী নাজমা চুলতানাই ‘মিছেছ নগাঁও’ প্ৰতিযোগিতাৰ বিচাৰক হোৱাৰ উপৰি চোহানা পাৰবীনে ৰন্ধন প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰা এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে বিশিষ্ট অভিনেত্ৰী তথা গায়িকা নৱনীতা শৰ্মা বৰাই উপস্থিত থাকে।