জৰাজীৰ্ণ বাট-পথ, দলঙৰে বিপদ-সংকুল যাত্ৰা লোহিত-খাবলুবাসীৰ

majuli-bridge-570x320

লোহিত-খাবলু পঞ্চায়তৰ ৩২খনকৈ গাঁৱৰ লোকে ব্যৱহাৰ কৰা দলংখন

পথ যোগাযোগৰ বিধস্ত অৱস্থাই জুৰুলা কৰি তুলিছে মাজুলীৰ সীমান্তৱৰ্তী লোহিত-খাবলুবাসীক । লখিমপুৰ জিলাৰ অন্তৰ্গত লোহিত-খাবলু পঞ্চায়তৰ ৩২খনকৈ গাঁৱৰ লোকে এখন জৰাজীৰ্ণ দলঙৰ ওপৰেৰেই মাজুলীলৈ আহ যাহ কৰিব লগীয়া হৈছে।

অতি বিপদসংকুল এই জৰাজীৰ্ণ দলঙৰ ওপৰেৰেই নিতৌ শ শ লোকে অহা যোৱা কৰিব লগা হৈছে । লক্ষীমপুৰ জিলাৰ অন্তৰ্গত যদিও পঞ্চয়তটোৰ লোকসকলৰ মাজুলীৰ লগতেই সম্পৰ্ক অধিক ।

স্বাস্থ্য, চিকিৎসা, শিক্ষা সকলো দিশতে মাজুলীৰ ওপৰতে নিৰ্ভৰশীল এই লোকসকলৰ বাবে এতিয়া লুইত ঘাটটোৱেই অন্তৰায় হৈ পৰিছে । নদীৰ জলপৃষ্ঠ কিছু বৃদ্ধি পোৱাৰ ফলত সমস্যা দুগুণে বৃদ্ধি পাইছে অঞ্চলবাসীৰ ।

স্থানীয় ৰাইজ এই জৰাজীৰ্ণ দলংখনৰ লগতে অতি পঁয়ালগা বাট-পথৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছে। পৰিবৰ্তন অনাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰ দিনত লোহিত-খাবলুবাসীয়ে এখন যাতায়াতযোগ্য দলঙৰ লগতে সুচল পথ লাভ কৰিবনে সেয়া এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন হৈ দেখা দিছে।