• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টংলাৰ এদল যুৱকে দেখুৱালে মানৱতা : সম্বলহীন দম্পতীক নিজা খৰচেৰে কৰোৱালে চিকিৎসা

ছাজিদ খান by ছাজিদ খান
June 22, 2018 7:23 pm
poor man in udalguri
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ওদালগুৰিৰ টংলাৰ কেইজনমান যুৱকে এহাল অসহায় ষাঠিৰোৰ্ধ্ব দম্পতী বাবু বড়ো (৬৩) আৰু তেওঁৰ পত্নী জয়া বড়ো (৬০)ক চিকিৎসালয়লৈ লৈ গৈ চিকিৎসা কৰোৱায়। অকল চিকিৎসকলৰ দ্বাৰা চিকিৎসা কৰোৱাই নহয়, বৃদ্ধ দম্পতীটো ঔষধ-পাতিৰ খৰচো এই যুৱকৰ দলটোৱে বহন কৰে।

যি সময়ত সমাজক হত্যা, হিংসাই ছানি ধৰিছে, মানুহৰ প্ৰতি মানুহে দায়িত্ববোধ পাহৰি গৈছে, বৃদ্ধ পিতা-মাতাৰ প্ৰতি থকা দায়িত্বক অৱহেলা কৰাটো আধুনিক জীৱনৰ এটা সততে দেখা দৃশ্য হৈ পৰিছে, এনে মানৱতাৰ বধ্যভূমি আজিৰ দেখা পোৱা গ’ল এনে এটা বিৰল দৃশ্য।

Apply Now

টংলাৰ এই যুৱক দলৰ কাৰ্যই বস্তু-সৰ্বস্ব, যান্ত্ৰিক মানুহবোৰক মানুহৰ প্ৰতি থাকিবলগীয়া কিন্তু ক্ৰমশ মানুহৰ মাজৰ পৰা হেৰাই যাব খোজা মমত্ববোধ, দায়িত্ববোধক যেন সোঁৱৰাই দিলে।

উল্লেখ্য যে বাবু বড়ো আৰু জয়া বড়োৱে টংলা ষ্টেডিয়ামৰ কাষত থকা এটা অত্যন্ত জৰাজীৰ্ণ পঁজাত কিবাকৈ পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰি আছে।

বৰ্তমান একাংগী ৰোগত  আক্ৰান্ত বাবু বড়োৱে এসময়ত ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰিছিল। অথৰ্ব, ৰোগাক্ৰান্ত্ৰ হৈ খোজ এটাও দিব নোৱাৰা বাবু এতিয়া উপাৰ্জন কৰিবলৈ সম্পূৰ্ণ অক্ষম। তেওঁৰ বৃদ্ধা পত্নী জয়াই আনৰ ঘৰত অলপ অচৰপ কাম কৰি কিবাকৈ পেটৰ ভাতমুঠি যোগাৰ কৰি আহিছিল।

পিছে জয়াও বেমাৰত পৰাত অত্যন্ত বিপদত পৰা নিঃসন্তান বৃদ্ধ দম্পতীক স্বাভাৱিকভৱে তিলে তিলে মৃত্যুৰ মুখলৈ যেন গতি কৰাৰ গত্যন্তৰ নাছিল।

পিছে ইয়াতেই ঘটনাটোৰ এটা স্বাভাৱিক পৰিণতি নঘটিল।

টংলাৰ কেইগৰাকীমান যুৱকে এই দম্পতীক চিকিৎসাৰ বন্দোৱত্ত কৰিলে। তেওঁলোকে বৃদ্ধ দম্পতীক টংলাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহি চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱালে। বৰ্তমান বাবু বড়ো আৰু জয়া বড়োক চিকিৎসালয়খনত চিকিৎসা কৰি থকা হৈছে।

এই যুৱকৰ দলটোৱে তেওঁলোকলৈ খোৱা বস্তু, ঔষধ-পাতিৰ যোগান ধৰাৰ উপৰিও পৰিস্কাৰ কাপোৰৰো যোগান ধৰিছে।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত নবনীত দাস নামৰ যুৱকজনে কৈছে, ‘‘এই নিঃসন্তান বৃদ্ধ দম্পতীক ভাগ্যৰ হাতত এৰি দি তেওঁৰ আত্মীয়সকল আঁতৰি গৈছে। আৰু তেতিয়াৰ পৰাই তেওঁলোকে এটা জৰাজীৰ্ণ পঁজাত বাস কৰি আহিছে। তেওঁলোকৰ কষ্ট দেখি আমি তেওঁলোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছোঁ।’’

জয়া বড়োৱে এই যুৱককেইজনৰ বিষয়ে কৈছে ‘‘বাচাহঁতে যি কৰিলে সেয়া অচিনাকী লোকৰ বাবে আন কোনেও নকৰে।মোৰ গিৰীহঁত তিলে তিলে মৰণৰ দিশে গৈ আছিল। ল’ৰাহঁতৰ মৰমে আমাক মানুহৰ প্ৰতি বিশ্বাস ঘূৰাই আনিলে। আমাৰ জীৱনৰ বাকীকেইটা দিন আমি মানুহৰ দৰে জীয়াই থাকিব বিচাৰোঁ।’’

ইতিমধ্যে যুৱককেইজনে বৃদ্ধাশ্ৰমসমূহলৈ আৱেদন জনাইছে যাতে কোনো এটা বৃদ্ধাশ্ৰম আগবাঢ়ি আহি এই বয়োবৃদ্ধ দম্পতীৰ দায়িত্ব গ্ৰহণ কৰি তেওঁলোকৰ বাকীচোৱা জীৱন ভালদৰে অতিবাহিত কৰাত সহায় কৰে।

কোনোবা বৃদ্ধাশ্ৰম, অনুষ্ঠান অথবা কোনো হৃদয়বান  ব্যক্তি এই কেও কিছু নোহোৱা, দৰিদ্ৰ দম্পতীৰ বাকী ছোৱা সময়ৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবনে?

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd