ৰাজ্যখনৰ টীয়ক আৰু খুমটাইত সংঘটিত দুটাকৈ পৃথক পথ দুৰ্ঘটনাত দুজনকৈ লোকে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।
টীয়ক :
ইয়াৰে প্ৰথমটো দুৰ্ঘটনা দেওবাৰে নিশা টীয়কৰ বলমা তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয়।
উল্লেখযোগ্য যে মেঘালয়ৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা য়ু পি ৩২ জে এন ১২৫১ নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰাক আৰু এ এছ ০৩ বি চি ২৩২৯ নম্বৰৰ এখন টাটা এচিৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
দুৰ্ঘটনাটোৰ ফলত টাটা এচিখনত থকা মৃদুপৱন বৰুৱা নামৰ যুৱকজন থিতাতে নিহত হোৱাৰ লগতে বাকী দুজন যুৱক গুৰুতৰপূৰ্ণভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাটোত নিহত যুৱকজন কাকজান সোণাৰী গঁৱৰ নিৱাসী বুলি জানিব পৰা গৈছে।
আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱক দুজনক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয়।
খুমটাই :
একেদৰে আনটো দুৰ্ঘটনা সংঘটিত হয় খুমটাই ১নং বটলীখোৱাত।
উল্লেখযোগ্য যে বাদুলিপাৰৰ নিবাসী আনোৱাৰা খানৰ পুত্ৰ বিতুলা খান(৪৫)গোলাঘাটৰ পৰা গৃহমুখী হওঁতে খুমটাই ১নং বটলীখোৱাত গৰুক খুন্দিওৱাৰ ফলত দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিতুলাক খুমটাই প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয়।
কিন্তু বিতুলাৰ অৱস্থা সংকটজনক হোৱাত তাৎক্ষণিকভাৱে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে বিতুলাই মৃত্যুক সাবটি লয়।