NORTHEAST NOW (Assamese)

ট্ৰেইনৰ খুন্দাত হোৱা হাতীৰ মৃত্যুৰ ঘটনা ৰোধ কৰিবলৈ ৰে’লৱেক কাৰ্যসূচী প্ৰস্তুতৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

April 12, 2018 9:22 am · এন ই নাও নিউজ
Updated: April 12, 2018 10:04 am
প্ৰতিনিধিত্বমূলক ছবি

ট্ৰেইনৰ খুন্দাত ৰাজ্যখনত হাতীৰ মৃত্যু হোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাই অহা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে গভিৰ উদ্বেগ প্ৰকাশ কৰিছে।

বিষয়টো সম্পৰ্কত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত হাতীৰ এনেধৰণৰ মৃত্যুৰ ঘটনা ৰোধ কৰাৰ বাবে এখন কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ উচ্চ ন্যায়ালয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেক এক অন্তৰ্ৱৰ্তী আদেশ জাৰি কৰিছে।

কালি জাৰি কৰা উক্ত নিৰ্দেশত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ অচিন্ত্যমল্ল বুজৰবৰুৱাৰ খণ্ড বিচাৰপীঠে কাৰ্যসূচীখন দাখিল কৰিবলৈ ৰে’ল কৰ্তৃপক্ষক  ৪ সপ্তাহৰ সময় বান্ধি দিছে।

উল্লেখযোগ্য যে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা ৰাছেল হুছেইন আৰু যুগল ভৰালী নামৰ বন্যপ্ৰাণী প্ৰেমী দুগৰাকীয়ে আবেদনখনত ‘ৱাইল্ডলাইফ ট্ৰাষ্ট অব ইণ্ডিয়া’ৰ এটা অধ্যয়নৰ প্ৰতিবেদনৰ উদ্ধৃতি দি উল্লেখ কৰে যে ১৯৯০-২০০৬ চনলৈ অসমত ৰে’লৰ খুন্দাত ৩৫টা হাতীৰ মৃত্যুমুখত পৰাৰ বিপৰীতে যোৱা ১২টা মাহতে প্ৰায় সমান সংখ্যক হাতীয়ে ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱাইছে।

তেওঁলোকে হাতী অহা-যোৱা কৰা স্থানত থকা ৰে’লপথৰ ওপৰেৰে বা তলেৰে হাতীৰ পথ নিৰ্মাণৰ পৰীক্ষামূলক প্ৰকল্প প্ৰস্তুত কৰা, হাতীৰ গতি গতিবিধিত চকু ৰখাৰ বাবে ড্ৰোণ আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, হাতী অহা-যোৱা কৰা অঞ্চলত ৰে’লৰ গতি হ্ৰাস কৰা, হাতীৰ বসতিস্থলত স্থানীয় লোকক লৈ যুটীয়া সুৰক্ষা বাহিনী গঠন কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লোৱাটো বিচাৰিছে।

৪ সপ্তাহৰ পিছত আবেদনখনৰ পৰৱৰ্তী শুণনানি গ্ৰহণ কৰা হ’ব। অধিবক্তা শান্তনু বৰঠাকুৰ, বিক্ৰম ৰাজখোৱা আদিয়ে আবেদনকাৰীৰ হৈ যুক্তি দৰ্শায়।

Related News