কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী চকিৰ অন্তৰ্গত পানজুৰি গাৱঁত সোপাধৰাৰ সন্দেহত বিগত ৮ জুনত দুজনকৈ নিৰীহ যুৱকক হত্যা কৰা ঘটনাৰ প্ৰসংগত এটা গৱেষণামূলক অধ্যয়নৰ বাবে সাজু হৈছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়।
পানজুৰি গাঁৱৰ বাসিন্দাসকলৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ লগতে মানসিক স্থিতিৰ ওপৰত এক পূৰ্ণাংগ অধ্যয়ন কৰিবলৈ ইতিমধ্যে অনুমতি বিচাৰি জিলাখনৰ উপায়ুক্তগৰাকীলৈ এক আবেদন প্ৰেৰণ কৰিছে।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে দিয়া তথ্য মতে, পানজুৰি গাঁৱৰ ৮৬ টা পৰিয়ালত থকা ২৩৬ গৰাকী পুৰুষ আৰু ২১১গৰাকী মহিলাৰ শিক্ষাগত অৰ্হতা, গাঁওখনৰ বাসিন্দাসকলৰ নিয়োগৰ স্থিতি তথা জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা অয়ৰ উৎস, গাঁওখনৰ শিশুসকলৰ বাবে থকা অধ্যয়নৰ সুবিধা আৰু শিক্ষাই গাঁওখনৰ বাসিন্দাসকলৰ মানসিক পৰিৱৰ্তন কৰাত হোৱা ব্যৰ্থতাৰ কাৰণ সম্পৰ্কে অধ্যয়ন কৰিব মহাবিদ্যালয়খনৰ অৰ্থনীতি, শিক্ষা আৰু দৰ্শন বিভাগৰ অধ্যাপক-অধ্যাপিকাসকলে।
তেওঁলোকে লগতে দেশৰ আইন-কানুনৰ প্ৰতি বাসিন্দাসকলৰ বিশেষকৈ যুৱ চামৰ অজ্ঞতা, বহি:বিশ্বৰ লগত থকা গাঁওখনৰ যোগাযোগ ব্যৱস্থা, উৰা বাতৰিৰ প্ৰতি বাসিন্দাসকলৰ থকা অধিক বিশ্বাসযোগ্যতাৰ কাৰণ, গাঁওখনত থকা পৰ্যটনৰ সম্ভাৱনীয়তা আৰু ৮ জুনৰ হত্যালীলাই আনিব পৰা ভৱিষ্যতৰ মানসিক পৰিৱৰ্তন ইত্যাদিৰ ওপৰতো অধ্যয়ন কৰিব।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে জনোৱা মতে, প্ৰতিখন মহাবিদ্যালয়ৰে সামাজিক দায়বদ্ধতা থাকে আৰু সেই উদ্দেশ্যেই পানজুৰি গাঁৱৰ এনে অনাকাংখিত হত্যালীলাৰ অধ্যয়ন প্ৰয়োজন অনুভৱ কৰিছে মহাবিদ্যালয়খনে।
অধ্যক্ষ গৰাকীয়ে সময়ত এই অধ্যয়নৰ প্ৰতিবেদন ৰাজ্য চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ ওচৰত দাখিল কৰা হ’ব বুলি জানিব দিয়ে।