কাৰ্বি আংলঙৰ ডকমকাৰ হত্যাকাণ্ডটোৰ পিছত ৰাজ্যৰ শান্তি শৃংখলা ৰক্ষাৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে অসম আৰক্ষীয়ে।
‘এই ঘটনাৰ পাছত আৰক্ষীয়ে সকলো দোষীক কৰায়ত্ত কৰা আৰু শান্তি শৃংখলা ৰক্ষাৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে,’ ক’লে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আলফাজছ তিমুং নামৰ যুৱকজনেই ৰাজ্য কঁপাই যোৱা ডকমকাৰ হত্যাকাণ্ডটোৰ মূল অভিযুক্ত বুলিও আজি ১৩ জুন বুধবাৰে গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত শইকীয়াই দাবী কৰে।
‘নীলোৎপল দাস আৰু অভিজিৎ নাথৰ সৈতে ঘটনাৰ পূৰ্বে আলফাজছে কাজিয়াত লিপ্ত হোৱাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে। কাজিয়া লগা স্থানৰ পৰা নীলোৎপল আৰু অভিজিত আঁতৰি আহিছিল যদিও আলফাজছ তিমুঙে ফোনযোগে ‘সোপাধৰা’ গৈ থকা বুলি গাঁৱত প্ৰচাৰ কৰি দিছিল,’ দাবী কৰে আৰক্ষী সঞ্চালক প্ৰধানে।
তেওঁ জনাই যে আৰক্ষীয়ে ইতিমধ্যে আলফাজছৰ ম’বাইল ফ’ন জব্দ কৰিছে আৰু তেওঁৰ লগতে আন অভিযুক্তসকলৰ সোধাপোচা অব্যাহত ৰাখিছে।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধানজনে লগতে কয় যে ঘটনাটোত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈ ২৮ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।
আনহাতে ঘটনাটোৰ সময়ত ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰি থকা আৰক্ষীৰ পোচাকধাৰী লোকজনৰ সন্দৰ্ভত তেওঁ কয় ‘বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই। কোনে কি কাৰণে ভিডিঅ’ কৰিলে সেয়া তদন্তৰ প্ৰতিবেদন ওলালেহে ক’ব পৰা যাব।’
চ’চিয়েল মিডিয়াযোগে অপপ্ৰচাৰ আৰু প্ৰৰোচনামূলক মন্তব্য কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি এনে মন্তব্য কৰা বহুকেইজন লোকক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
তেওঁ কয় ‘আৰক্ষীৰ এটা দলে চ’চিয়েল মিডিয়াৰ জৰিয়তে সমাজত অশান্তি বিয়পাব পৰা কাৰ্যৰ বিৰুদ্ধে তীক্ষ্ণ নিৰীক্ষণ অব্যাহত ৰাখিছে। চ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য প্ৰদান কৰা কেইবাজনো কিশোৰক আৰক্ষীয়ে আটক কৰিছিল যদিও কাউন্সেলিং কৰি অভিভাৱকক চমজাই দিয়া হৈছে আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে এনে কাৰ্যৰ পৰা বিৰত থকাৰ সংকল্প লৈছে।’
সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰৰ উদ্দেশ্যে অসম আৰক্ষীয়ে বাটৰ নাট, সজাগতা সভা আদি অনুষ্ঠিত কৰিব বুলিও সংবাদমেলত তেওঁ প্ৰকাশ কৰে।
আনহাতে ২০১৩ চনত ডিফুত সংঘটিত ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ড সন্দৰ্ভত অসম আৰক্ষীয়ে ২০১৫ চনৰ ফেব্ৰুৱাৰিত চাৰ্জশ্বীট দাখিল কৰাৰ কথা উল্লেখ কৰি শইকীয়াই ন্যায়ালয়ত বিচাৰ চলি থকাৰ বাবে সেই ঘটনাটো সন্দৰ্ভত অধিক মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে।