ডিআইডি লিটিল মাষ্টাৰ্ছৰ মেগা অডিশ্যনলৈ নিৰ্বাচিত কোকৰাঝাৰৰ গৌৰী ব্ৰহ্ম

Gouri brahma

মুম্বাইত অনুষ্ঠিত হবলগীয়া চতুৰ্থ সংখ্যক ডিআইডি লিটিল মাষ্টাৰ্ছৰ মেগা অডিশ্যনলৈ নিৰ্বাচিত হৈছে অসমৰ এগৰাকী প্ৰতিভাৱান নৃত্যশিল্পী। এই কণমানি নৃত্যশিল্পীগৰাকী হৈছে কোকৰাঝাৰ চহৰৰ হাদানপাৰাৰ নিবাসী বাবুল ব্ৰহ্ম আৰু নিশা ব্ৰহ্মৰ ১১ বছৰীয়া জীয়ৰী গৌৰী ব্ৰহ্ম।

উল্লেখ্য যে  নিৰ্বাচিত হোৱা গৌৰী ব্ৰহ্মই বিগত কিছু বছৰৰ পৰা হেমপ্ৰভা ইলাৰী আৰু মনো বসুমতাৰীৰ তত্বাৱধানত নৃত্যৰ প্ৰশিক্ষণ  গ্ৰহন কৰি আহিছে।

এইগৰাকী প্ৰতিভাৱান নৃত্যশিল্পী প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে নিৰ্বাচিত হোৱা খবৰে কোকৰাঝাৰ চহৰলৈ আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। আনহাতে জীয়ৰীৰ এই সাফল্যত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকেও যথেষ্ট পৰিমানে উৎসাহিত হৈ পৰিছে। গৌৰীয়ে প্ৰতিযোগিতাখনৰ মেগা অডিশ্যনত সৰ্বোচ্চ উজাৰি প্ৰদৰ্শন কৰিব বুলিও বিশ্বাসী পৰিয়ালৰ লোক।

আনহাতে নৃত্যশিল্পীগৰাকীৰ পৰিয়ালক আৰ্থিক সহায় কৰাৰ উদ্দেশ্যেৰে আজি বিটিএডিৰ শাসকীয় দল বিপিএফৰ হৈ কাৰ্যবাহী সদস্য ক্ৰমে ৰাজীৱ কুমাৰ ব্ৰহ্ম আৰু দনেশ্বৰ গয়াৰীয়ে গৌৰী ব্ৰহ্মৰ পৰিয়ালক নগদ এক লাখ টকা আগবঢ়ায়৷

আনহাতে বিটিচি প্ৰশাসনে এককালীন সহায় হিচাপে নৃত্য প্ৰশিক্ষক দুগৰাকীকো ২৫ হেজাৰকৈ টকা প্ৰদান কৰে।

বিটিচি প্ৰশাসনৰ তৰফৰ পৰা সংবাদ মাধ্যমক কয় যে কোকৰাঝাৰৰ প্ৰতিভাসম্পন্ন সকলো লোককে বিটিচি প্ৰশাসনে সহায় তথা উদগণি জনাই আহিছে আৰু মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বিটিচি প্ৰশাসনে কোনো ধৰণৰ ক্ৰুটি নকৰে।