ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত থকা বিষ্ণুপ্ৰসাদ ৰাভা ৰংগমঞ্চত আজি প্ৰাক্তন সৈনিক, বিধৱা আৰু বীৰ নাৰী সন্মিলন অনুষ্ঠিত হয়। সেনাৰ দ্বাৰা পতা এই অনুষ্ঠানটোত প্ৰাক্তন সৈনিক, বিধৱা আৰু বীৰ নাৰীসকলৰ অভাৱ-অভিযোগৰ বুজ লোৱা হয়। লগতে প্ৰাক্তন সৈনিক সকলক তেওঁলোকৰ স্মৃতিচাৰণৰ সুযোগ দিয়া হয়।
অনুষ্ঠানটোত সেনাৰ দাও ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল গাজিন্দৰ সিং আৰু ব্ৰিগেডিয়াৰ জি এছ সান্ধু, ১৮১ মাউণ্টেইন ব্ৰিগেডৰ কমাণ্ডাৰ সেনা মেডেল আৰু অন্যান্য জ্যেষ্ঠ সেনা বিষয়াসকলৰ লগতে অসামৰিক প্ৰশাসনৰ বিষয়াও উপস্থিত আছিল।
অনুষ্ঠানটোত ১ হাজাৰতকৈও অধিক লোক উপস্থিত আছিল বুলি জানিব পৰা গৈছে। উপস্থিতসকলক উদ্দেশ্যি মেজৰ জেনেৰেল গজিন্দৰ সিঙে নিজৰ ভাষণত প্ৰাক্তন সৈনিকসকলক তেওঁলোকৰ বিভিন্ন সমস্যাবোৰ সমাধান কৰিবলৈ ডাইৰেক্টৰেট অব ইণ্ডিয়ান আৰ্মিত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ কয়।
তেওঁ লগতে জনায় যে ২০১৮ বছৰটো ঘুণীয়া সৈনিকৰ বছৰ হিচাপে আৰ্মিৰ সংহত মুখ্য কাৰ্য্যালয়ে (Integrated Headquarter) ঘোষণা কৰিছে আৰু তেওঁলোকৰ বাবে ঘোষিত যিকোনো আঁচনি ইয়াত পোৱা যায়।
আজিৰ সমাৱেশটোত অভাৱ-অভিযোগবোৰ নিষ্পত্তিৰ চেষ্টা কৰা হয় আৰু যোৰহাটস্থিত আৰ্মিৰ প্ৰতিনিধিৰ দ্বাৰা সেইবোৰৰ দিহা দিয়া হয়।
প্ৰাক্তন সৈনিক সকলক অসামৰিক প্ৰশাসন আৰু লগতে অসম আৰক্ষী তথা ৰেইলৱে’ত থকা নিয়োগৰ সুবিধাবোৰ সম্পৰ্কতো পৰামৰ্শ দিয়া হয়।
আনহাতে মেজৰ জেনেৰেল সিঙৰ দ্বাৰা বীৰ নাৰী আৰু বিধৱাসকলক সম্বৰ্ধনা জনোৱা হয়।